পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈ তীক্ষ্ণ দৃষ্টিৰে। আজিও যদি সেই অৱস্থা হয়, মই আশা ভংগৰ দুখতে মৰি যাব লাগিব। এতিয়াহে যেন বুজি উঠিলোঁ, মোৰ বোট যি পথেৰে আগুৱাইছে, সেই পথেৰে কোনো জাহাজ চলাচল নকৰে।

 মই এজন মৃতক

 পিছদিনা পুৱাৰ কথা একোৱেই মনত নাই। অসংলগ্নভাৱে কেৱল এটাই মনত আছে যে গোটেই পুৱাটো বোটত শুই আছিলোঁ। শুই আছিলোঁ জীৱন আৰু মৃত্যুৰ মাজত ওলমি। ঘৰলৈ মনত পৰিছিল। পাছতহে জানিছিলোঁ মোৰ অনুপস্থিতিত সিহঁতে কি কৰিছিল। মোৰ শ্ৰাদ্ধও পাতি পেলাইছিল। শুনি আচৰিত হোৱা নাই। সমুদ্ৰত থাকোতে মোৰ ভাব হৈছিল— এনেধৰণৰ ঘটনাই নিশ্চয় ঘটিছে। পৰিয়ালৰ মানুহক মোৰ নিৰুদ্দেশৰ খবৰ দিয়া হৈছিল। বিমান আৰু উৰি নাহিল মোক বিচাৰি। ইয়াৰ অৰ্থ মোক বিচৰাটো সিহঁতে অৰ্থহীন বুলি ভাবিছে। ধৰিয়েই লৈছে যে মোৰ মৃত্যু ঘটিছে।

 সকলো কথাই সম্ভৱ। কিন্তু সকলোৰে একোটা সীমাও থাকে। প্ৰতি মুহূৰ্ত মই নিজক ৰক্ষা কৰাৰ চেষ্টা চলাই গৈছোঁ, বিচাৰি ফুৰিছোঁ জীয়াই থকাৰ ৰাস্তা। কিন্তু ষষ্ঠ দিনটোত মোৰ ওচৰত একো আশাই বাচি নাথাকিল। বোটৰ ওপৰত পৰি থকা মই যেন এটি মৃতক। আবেলি ভাবিবলৈ ধৰিলোঁ কেতিয়া পাঁচ বাজিব, কেতিয়া আহিব হাঙৰা বোটৰ দাঁতিৰ পৰা আঁতৰি বহি পৰিলোঁ। দুবছৰ আগতে কাটাজেনাত হাঙৰে খোৱা মানুহৰ মৃতদেহ এটা দেখিছিলোঁ। এনেদৰে মই মৰিব নিবিচাৰোঁ। এই হিংস্ৰ প্ৰাণীবোৰৰ এবাৰ কবলত পৰিব লাগিলে টুকুৰা-টুকুৰ হ’ব লাগিব।

 পাঁচ বাজিল। হাঙৰবোৰ আহিছে। চাৰিওফালে পিয়াপি দিছে। শীতো পৰিছে সামান্য। পিছে সমুদ্ৰ শান্ত। শৰীৰত অলপ শক্তি অনুভৱ কৰিলোঁ। কালি চিলনীবোৰ দেখাৰ পাছত মই নতুন উদ্যম অনুভৱ কৰিছোঁ।

 এই মুহূৰ্তত হাতত মই যি পাম তাকেই খাম। ক্ষুধাই মোক শেষ কৰি দিছে। ইমানদিনে একো চোবাবলৈ নোপোৱা বাবে ডিঙি আৰু হনুত বিষ অনুভৱ কৰিছিলোঁ। কিবা এটা চোবোৱাৰ প্ৰয়োজন। জোতাৰ তলিখন এৰুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। মনত পৰিল মোৰ হাতত এতিয়া মবিলৰ দোকানৰ কাৰ্ডকেইখন আছে।

 পেণ্টৰ জেপত কাৰ্ডবোৰ আছিল। তিতি প্ৰায় ফালি-ছিৰি গৈছে। উলিয়াই মই মুখত ভৰালোঁ আৰু চোবাবলৈ ধৰিলোঁ। এই চেষ্টাই আচৰিতধৰণে কাম দিলে। ডিঙিটো আৰাম পালোঁ, মুখলৈকো সতেজতা ঘূৰি আহিল। চুয়িংগামৰ দৰে লাহে লাহে চোবাই গ'লোঁ। অৱশ্যে প্ৰথম কামোৰটোত হনুত বিষ অনুভৱ কৰিছিলোঁ। মবিলত মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে এই কাৰ্ডবোৰ পাইছিলোঁ, থাকি গৈছিল

৫৩