পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
জগন্নাথ বৰুৱা কলেজ আলোচনী


climate and environments of a place. People living in one region have similar ways of life, customs, and speech, but they practice their religion and observe its rituals in their own ways, China is an example of it."

 পাৰিপাৰ্শ্বিক বাতাবৰণ আৰু প্ৰাকৃতিক অৱস্থাই সংস্কৃতিৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। প্ৰাকৃতিক অৱস্থাৰ দাস হৈয়েই কোনো এক নিৰ্দিষ্ট ঠাইৰ মানুহৰ জীৱন-ধাৰাই একে পথৰে গতি কৰে। এই লোকসমূহৰ জীৱন-যাত্ৰাৰ পদ্ধতি, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ভাষা- সাহিত্য, বিজ্ঞান-সুকুমাৰ কলা, আৰু সামাজিক বা ব্যক্তিগত আদৰ্শ আদি সকলোকে সামৰি লৈ সেই ঠাই লোক সকলৰ মাজত একে সংস্কৃতি গঢ় খাই উঠে; আৰু এই নিৰ্দিষ্ট লোকসকলৰ সংস্কৃতিয়ে যেতিয়া সময়ৰ দাবী মানিয়েই হওঁক বা মহান পুৰুষ সকলৰ চেষ্টাৰ ফলতেই, হাত- জোখা পৰিসৰ ভেদ কৰি বহল সমাজমুখী হয় তেতিয়াই ই এটা জাতিৰ তথা এখন দেশৰ সংস্কৃতি হৈ পৰে।

 এই দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে দেখা যায় অসমৰ প্ৰাকৃতিক অৱস্থাৰ পৰিণতি স্বৰূপে এক বিশিষ্ট জীৱন-ধাৰাক কেন্দ্ৰ কৰি, প্ৰাচীন ভাৰতীয় ভাৱধাৰাক আয়ত্ত্ব কৰি আৰু অসমৰ মহান লোক সকলৰ অৱদানক গ্ৰহণ কৰি মানসিক, বাস্তৱ, আৰু আধ্যাত্মিক ক্ষেত্ৰত অসমীয়া জনসাধাৰণে যি উন্নতি কৰিছে—সিয়েই অসমীয়া তথা অসমৰ সংস্কৃতি। অসমীয়া সংস্কৃতিৰ গুৰি বিছাৰি গ'লে বহুত জগতৰ ইতিহাস আমাৰ দৃষ্টিগোচৰ হয়—যি সকল প্ৰথমে অসমীয়া সাংস্কৃতিক ইতিহাসৰ জন্ম দিওঁতা আছিল, এওঁলোকৰ ভিতৰত অষ্ট্ৰিক, দ্ৰাবিড়, আৰ্য্য় আৰু চীন-তিব্বতীয় লোক সকলেই প্ৰধান।

 অষ্ট্ৰিক সকল পোনতে ভাৰতলৈ আহে। এওঁলোক অসমৰ উত্তৰ-পূব চুকেদি সোমাই গোটেই ভাৰততে বিয়পি পৰে। এওঁলোক আছিল প্ৰধানতঃ কৃষিজীৱি। নদীৰ পাৰে পাৰে কৃষিক কেন্দ্ৰ কৰি অষ্ট্ৰিক সকলৰ যি সভ্যতা আৰু সংস্কৃতি গঢ় খাই উঠিছিল সিয়েই আছিল প্ৰাচীন ভাৰতীয় সভ্যতাৰ মূল উৎস। ভাৰতীয় সংস্কৃতি তথা সভ্যতালৈ এওঁলোকৰ দান আছিল দাৰ্শনিক আৰু আধ্যাত্মিকমুখী, যিহেতু এওঁলোকে গাওঁ পাতি বাস কৰিছিল আৰু গাওঁক কেন্দ্ৰ কৰিয়েই সংস্কৃতিৰ জন্ম হৈছিল। ইয়াৰ পিছত ভাৰতৰ বুকুলৈ দ্ৰাবিড় সকলৰ আগমন। এই দ্ৰাবিড়সকলৰ সভ্যতা আৰু সংস্কৃতি হল নগৰাভিমুখী, অষ্ট্ৰিক আৰু দ্ৰাবিড়সকলৰ জীৱনলৈ সংঘাত আনিলে—আৰ্যসকলে। এওঁ- লোকেই শেষত ভাৰতৰ বুকুত নিগাজী ৰাজ্য স্থাপন কৰে আৰু তেতিয়াৰ পৰাই ভাৰতীয় সংস্কৃতিয়ে এক নিজস্ব ৰূপ পালে। কিন্তু অসমীয়া সংস্কৃতিৰ গুৰি ভাৰতীয় সংস্কৃতিতকৈ কিছু বেলেগ ধৰণৰ- যদিও ভাৰতীয় সংস্কৃতিৰে ই অংশ বিশেষ। অসমৰ বুকুলৈ যিমানবোৰ জাতি আহিছিল সেই সকলোবোৰেই অসমৰ বুকুত নিজ নিজ সভ্যতা বিস্তাৰ কৰিছিল। কালক্ৰমত অসমৰ বিশিষ্ট ধৰণৰ ভৌগলিক পৰিবেশ আৰু জলবায়ুৰ কাৰণে এই বিভিন্ন জাতিবিলাকৰ মানসিক আৰু সামাজিক অৱস্থাই এক নতুন ৰূপ ধাৰণ কৰিলে আৰু এই সকলোবোৰৰ সংমিশ্ৰণতেই অসমীয়া সংস্কৃতি