পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্যটো পঢ়ি আমাৰ শৈশৱৰ মুছলমান বান্ধৱী বদৰুন্নিছাৰ দেউতাক ডাঃ বজলুৰ ৰহমানে আতাক দেখা কৰিবলৈ আহিছিল।

 আতাই নাতিনীসকলৰ স’তে কবিতাৰে চিঠি লিখি যোগাযোগ ৰাখিছিল। বৰাকবাসী নাতিনীহঁতলৈ লিখিছিল বাংলাত। কবিতাবোৰ আজিও সত্তৰোৰ্ধ নাতিনী গীতাৰ (কবি- সাহিত্যিক ড° মহেন্দ্ৰ বৰাৰ সহধৰ্মিনী) মুখস্থ। কবিতাত উল্লিখিত অঞ্জলি নামৰ ডাঙৰজনী নাতিনী দহ বছৰ বয়সতে ঢুকাইছে।

 ‘সোণামণি অঞ্জলি মোৰ, হীৰেৰ টুকৰো গীতা
 বড়দিনে খেলাম কত কেক, চকলেট, পিঠা।
 খাবি যদি আয় না হেথা দিয়ে একটা ছুট
 দিব সন্দেশ, ৰসগোল্লা, বিস্কুট এৰাৰুট।...

 কেতিয়াবা আমালৈকো বাংলাত লিখিছিল আতাই। বাইদেউ পিক্‌লুলৈ লিখিছিল এইদৰে—

 ‘পিকুমণি সোণামণি সপ্তৰাজাৰ ধন
 চিঠিখানা পেয়ে তোমাৰ ঠাণ্ডা হলো মন।
 কিন্তু তোমাৰ লাঠিৰ গুতোয় ভয়ে কঁপে প্ৰাণ
 কোথায় যাইগো দিদিমণি নাই লুকোবাৰ স্থান।’

 ককা-আইতাৰ স’তে নাতি-নাতিনীৰ এটা মধুৰ সম্পৰ্ক গঢ়ি উঠে। আমাৰ জীৱনত তেওঁলোক দুয়োৰে অৱদান অপৰিমেয়। আমাৰ অকালপক্ক সৰু নাতিটোৱে আমাৰ সান্নিধ্য পাই বোধকৰো উপলব্ধি কৰিছে এই মিঠা সম্পৰ্কৰ বিষয়ে। সি পাঁচ বছৰ বয়সত কৈছিল তাৰ বাপেক হোৱাৰ ইচ্ছা নাই, একে জাপে ষোল্লটা নাতিৰ ককাদেউতাক হ’ব। কেইবছৰমান পিছত বুজি পালে নাতি পাবলৈ হ'লে প্ৰথমতে দেউতাক হ’ব লাগিব, যদিও দেউতাক হোৱাৰ ইচ্ছা তাৰ মুঠেও নাই।

 আমাৰ গৃহশিক্ষক দীননাথ দাস আছিল এগৰাকী অতি কৃতী ব্যক্তি। তেওঁ কোকৰাঝাৰৰ ল’ৰাৰ হাইস্কুলত শিক্ষকতা কৰিছিল। শিক্ষকৰ প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ বাবুৱে (আমি তেনেকৈয়ে সম্বোধন কৰিছিলো) জানিছিল শিক্ষাদান কৰাৰ নীতি-নিয়ম। তেওঁ বাইদেউ আৰু মোক অংক, সাহিত্য, ভূগোল, ছবি অঁকা, মেপ অঁকা ইত্যাদি সকলোবোৰ বিষয় পঢ়াইছিল। মাষ্টাৰ বাবুৰ হাতৰ আখৰকেইটা আছিল মুকুতাৰ দৰে।

 মই সৰুতে আছিলো অলপ খেয়ালী স্বভাৱৰ। কেতিয়াবা পঢ়িবলৈ মন নগ’লে পানী খাবলৈ যাওঁ বুলি মাষ্টাৰ বাবুক কৈ আৰু ঘূৰি নাহিছিলো। কেতিয়াবা আকৌ পঢ়াত ইমানে মন যে মাষ্টাৰ বাবুক বহুৱাই ৰাখিছিলো। পঢ়িছিলো নিজৰ খুচিমতে। এদিনৰ এটা ঘটনাৰ কথা আজিও পাহৰা নাই। সিদিনা অংকৰ নিচাই পাইছিল মোক। অংক কৰি আছো কৰিয়েই আছো। মাষ্টাৰ বাবুৱে ক'লে— আৰু অংক কৰিব নালাগে, সাহিত্যৰ পুথিখন পঢ়া। মোক ডিছটাৰ্ব দিয়া বাবে ইমান খং উঠিছিল যে কাষত থকা দুহাত দীঘল কাঠৰ ৰুলাৰ ডালেৰে মাষ্টাৰ বাবুক মাৰিবলৈ উদ্যত হৈছিলো। তেওঁ থাপ মাৰি নধৰা হ’লে অঘটন ঘটিলহেঁতেন।

 দেউতাৰ ইচ্ছা আছিল আমাক ঘৰতে পঢ়ুৱাই অলপ ডাঙৰ হোৱাৰ পিছত ধুবুৰী ছোৱালী

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৫৭