পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অলংকাৰ গঢ়া নেযায়, অলপ তাম মিহলি কৰিব লাগে। বিশুদ্ধ সোণৰ অলংকাৰ লেতুসেতু হয়। পুষ্পৰামে জীয়েকক বিয়াত লেতুসেতু গহনা দিছিল আৰু দৰাঘৰে দিয়া সমপৰিমাণৰ অলংকাৰ পিছত লেতুসেতুকৈ কৰাই দিছিল। শহুৰেকৰ ঘৰলৈ যোৱাৰ পিছত তেওঁলোকে দিয়া সোণো সম্ভৱতঃ সাবিত্ৰীয়ে পাইছিল। মুঠতে তেওঁৰো আছিল যথেষ্ট আ-অলংকাৰ।

 বহু বছৰ পিছত মোৰ ডাঙৰ বাইদেউ অনীতাৰ আগত সাবিত্ৰী অৰ্থাৎ আমাৰ আবুৰ ভূয়সী প্ৰশংসা কৰি সৰু জা-কে কৈছিল যে আবুৱে হেনো তেওঁৰ দেওৰেক শ্যাম চৌধুৰীক কলকাতাত আইন পঢ়িবলৈ যোৱাৰ সময়ত নিজৰ গহণা উলিয়াই দিছিল। আবুহঁতৰ তিনিওজনী বাই-ভনীৰ হৃদয় যিদৰে আছিল কুসুমৰ দৰে কোমল, ঠিক তেনেদৰে প্ৰয়োজনত হ’ব পাৰিছিল বজ্ৰৰ দৰে কঠিন। তিনিও আছিল তেজস্বিনী আৰু অত্যন্ত সাহসী, বিশেষকৈ ডাঙৰ দুজনী। সৰুজনীয়ে অৱশ্যে সাহস দেখুৱাব পৰা পৰিস্থিতিত পৰা নাছিল।

 সাবিত্ৰী, বিবিত্ৰী আৰু গায়ত্ৰী এই তিনিওজনী বাই-ভনী সাধাৰণ অসমীয়া মহিলাৰ তুলনাত আছিল ওখ আৰু হৃষ্টপুষ্ট। পুষ্পৰামৰ ল’ৰা চাৰিজনো তেনেকুৱাই। এওঁলোকৰ ভিতৰৰ কনিষ্ঠজনকহে মই দেখিছো। মাৰ এই সৰু মামাজন, অৰ্থাৎ ভবানন্দ চৌধুৰী আছিল ওখ-পাখ আৰু সুদৰ্শন। ভৰিৰ পতাবোৰ ইমান ডাঙৰ আছিল যে তেতিয়াৰ দিনত তেওঁৰ বাবে জোতা পোৱা নগৈছিল। মনত আছে তেওঁলৈ ডেৰাদুনত অৰ্ডাৰ দি বিৰাট আকাৰৰ চেণ্ডেল তৈয়াৰ কৰাই অনাইছিল। শুনিছো আজিকালি বাটা কোম্পানীয়ে একষ্ট্ৰা লাৰ্জ ভৰিৰ গৰাকীক বিনামূলীয়াকৈ জোতা তৈয়াৰ কৰি দিয়ে। এইগৰাকী আতা আছিল হাতী চিকাৰী। কোকৰাঝাৰৰ উত্তৰে ভূটানৰ পাদদেশত হাতী ধৰিবলৈ যাওঁতে আতা সদলবলে আমাৰ কোকৰাঝাৰৰ ঘৰত দুৰাতিমান থাকি গৈছিল। তেওঁৰ দলত আছিল কেইবাজনো মাউত, ফান্দী আৰু সহকাৰীসকল। তদুপৰি ঘৰচীয়া হাতীৰো দল এটা আহিছিল। হাতীবোৰক বান্ধি ৰাখিছিল বাৰীত। এৰাতি কেনেবাকৈ হাতী এটা শিকলি ছিঙি ওলাই বাৰীৰ আম-লেচুৰ গছ ভাঙি তহিলং কৰিছিল। আতা আহিলে বন্ধু-বান্ধৱীসকলৰ আগত অহংকাৰত আমি গংগাটোপ যেন হৈছিলো। সিহঁতক বুজাব খুজিছিলো যে হাতী ধৰিব পৰা বীৰ আতা জানো সিহঁতৰ আছে? আতাক দেখাত ভাৰতীয় যেন নালাগিছিল। হিটলাৰৰ স’তে তেওঁৰ মুখৰ অলপ সাদৃশ্য থকা যেন পাই তেওঁক আমি হিটলাৰ আতা বুলিছিলো।

 পুষ্পৰাম চৌধুৰীৰ ল’ৰা-ছোৱালীবোৰ বিজয় সিং চৰ্দাৰৰ পোন্ধৰ পীৰি পাছৰ হ’লেও এওঁলোকৰ চেহেৰা আৰু সাহসিকতাত সেই ৰাজপুত যোদ্ধাজনৰ তেজৰ — বিজ্ঞানৰ ভাষাত জিনৰ উপস্থিতি দেখা পাইছিলো।

 আমাৰ মাৰ মুখে তেওঁৰ মাক সাবিত্ৰী আৰু মাহীয়েক বিবিত্ৰীৰ সাহসিকতাৰ নানা কাহিনী শুনি বিস্ময়ত হতবাক হৈছিলো। মায়ে কোৱা এনে কেইটামান কাহিনী মই মোৰ ল’ৰাক তাৰ বাল্যকালত শুনাইছো, তাৰ পুতেক দুটাক অৰ্থাৎ মোৰ নাতিহঁতকো শুনাইছো। তাৰে দুটামান মোৰ এই স্মৃতিকথাত খাঁজি থও।

 সাবিত্ৰী তেতিয়া গোৱালপাৰা চহৰৰ সমীপৱৰ্তী শগুণবাহী গাঁৱৰ বোৱাৰী। গাঁৱৰ ঘৰবোৰৰ বিন্যাস হ’ল আহল বহল আয়ত ক্ষেত্ৰাকাৰ চোতাল এখনৰ এটা ফালে শোৱনি

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৪৩