আহে। তেওঁৰ তদাৰকিত যোৱা শতিকাৰ ত্ৰিশৰ দশকত শহুৰ দেউতাই মণিপুৰৰ মহাৰজাৰ সহযোগত তেজপুৰৰ পাঁচমাইল অঞ্চলত কেইবাবিঘাও মাটি কিনিছিল। সেই মাটি বেচি পিছত গুৱাহাটীৰ উলুবাৰীত বৰ্তমানৰ চৌহদটো কিনে। কোল চাহাব নামৰ এগৰাকী ডি চিৰ লগত ইম্ফলতে শহুৰ দেউতাৰ ভাল চিনাকি আছিল। তেওঁ গুৱাহাটীলৈ বদলি হৈ অহাৰ পাছত শহুৰক কৈছিল ইয়াত মাটি কিনিবলৈ। পিছে অধিক মাটি কিনাত তেওঁ আগ্ৰহী নাছিল। সেই সময়ত পানীৰ দামত মাটি কিনি পিছলৈ গুৱাহাটী চহৰৰ অনেকে অত্যন্ত চহকী হৈছে। শহুৰে ১৯৩৫-৩৬ মানত অৱসৰ লোৱাৰ আগতে ঘৰৰ ল’ৰাবোৰে চাকৰি বা পঢ়া-শুনা কৰিবলৈ গুৱাহাটীলৈ আহিছিল। আমাৰ গৃহস্থ অমলেন্দুই বাল্যকালতে আহি কামৰূপ একাডেমী স্কুলত নাম লগায়। অৱশ্যে তেতিয়াও উলুবাৰীত ঘৰটো সজা নাছিল। তেওঁলোকে নিউফিল্ডৰ ওচৰত ঘৰ ভাড়া কৰি থাকিছিল। অমলেন্দুই পাছত বেংগলী হাইস্কুলত সপ্তম শ্ৰেণীত নাম লগায়।
ডাঙৰ বৰজনাৰ বাইশ-তেইশ বছৰ বয়সতে বিয়া হয়। তেওঁৰ বিয়াৰ সময়ত অমলেন্দুৰ বয়স আছিল আঢ়ৈ বছৰ। ঘৰৰ বৰবোৱাৰীগৰাকীয়ে ছটা সন্তান জন্ম দি বৰ কম বয়সতে মৃত্যুক আকোঁৱালি লয়। বৰজনাৰ বয়স তেতিয়া চৌত্ৰিশমান। তেওঁ আছিল দীৰ্ঘজীৱী। তেওঁ দ্বিতীয়বাৰলৈ বিয়া নকৰালে। বোৱাৰীয়েকৰ মৃত্যুৰ আগতে শহুৰে অৱসৰ গ্ৰহণ কৰি পৰিয়ালটোক উলুবাৰীৰ ঘৰলৈ উঠা দি লৈ আহে। তেওঁলোকৰ ইচ্ছা আছিল, পুতেকহঁতে গুৱাহাটীতে থাকিব আৰু শহুৰ শাহু পূৰ্ববংগত নিজা ঘৰলৈ গৈ মাটি-বাৰী চোৱা-চিতা কৰি অৱসৰজীৱন কটাব। পিছে মানুহে ভাবে এটা, হয় আন এটা। বৰপুতেকৰ ছটাকৈ এমা-ডিমা সন্তানক চায় কোনে? নিজৰ এঘাৰটা সন্তানৰ সৰু তিনি-চাৰিজনো তেতিয়া কম বয়সীয়া। নাতি-নাতিনীৰ দায়িত্বও বৰ্তিলে শাহুৰ ওপৰত।
মণিপুৰ এৰিলেও শহুৰৰ দ্বিতীয় পুত্ৰ অৰ্ধেন্দু গুহই ইম্ফলতে ব্যৱসায় আৰম্ভ কৰি তাতেই থাকি গ’ল। চতুৰ্থ বিমলেন্দু গুহয়ো তাতে চাকৰি পালে। তেওঁ লোগ্তাক হৃদৰ সমীপৱৰ্তী ময়ৰাঙত শিক্ষকতা কৰিছিল আৰু পাছত মণিপুৰৰ শিক্ষা বিভাগৰ সচিব হৈ অৱসৰগ্ৰহণ কৰে। তৃতীয় পুত্ৰ সুধেন্দু গুহই কটন কলেজৰ পৰা বি এ পাছ কৰি টেলিগ্ৰাফ বিভাগত নিযুক্তি পায়। দ্বিতীয় আৰু তৃতীয় পুত্ৰ তেতিয়া বিবাহোপযোগ্য হোৱাত অগা- পিছাকৈ ত্ৰিশৰ দশকৰ শেষৰ ফালে তেওঁলোকৰ বিয়া হয়। দুয়োগৰাকী বোৱাৰীয়ে ঘৰ সোমায়ে এমা-ডিমাকেইটাৰ দায়িত্ব ল’বলগীয়া হৈছিল। এমা-ডিমাকেইটাৰ বয়স এতিয়া সত্তৰৰ ইফালে-সিফালে। এতিয়াও তেওঁলোকে খুড়ীয়েক দুগৰাকীক মাকৰ দৰেই শ্ৰদ্ধা কৰে।
শাহু আই তেওঁৰ ককাক-আইতাকৰ একেজনী নাতিনী আৰু মাক-দেউতাকৰ একেজনী জীয়ৰী হোৱা হেতুকে তেতিয়ালৈ জীয়াই থকা তেওঁৰ দেউতাক গোবিন্দবন্ধু ঘোষ আৰু আইতাক শশী সুন্দৰীক গুৱাহাটীলৈ লৈ আহে। ঘৰখনৰ বৰবোৱাৰীগৰাকীৰ মৃত্যুৰ সময়ত শশী সুন্দৰী জীয়াই আছিল। তেওঁৰ জীৱিতাৱস্থাত পৰিনাতিৰ গাভৰু পত্নীৰ মৃত্যু চকুৰ আগতে দেখি তেওঁ ইমানে মৰ্মাহত হৈছিল যে সেই শোকত অধীৰ হোৱাত তেৱোঁ