পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি ল’লে দেওৰেকে। দেওৰেকৰ পৰিয়ালৰে এগৰাকী উত্তৰপুৰুষ অমৰ নাথ ৰায় অসম লেজিছলেটিভ কাউন্সিলৰ সদস্য আছিল।

 মাক চন্দ্ৰপ্ৰভাৰ দৰে জীয়েক শশী সুন্দৰীৰো আছিল একেজনী জীয়ৰী। নাম সুখদা সুন্দৰী। বৈবাহিক সূত্ৰে সুখদাই সন্তোষৰ ৰজাৰ পৰা টাংগাইল চহৰত কিছু সা-সম্পত্তি লাভ কৰে। সুখদাৰো একেজনী জীয়েক, জ্ঞানদা সুন্দৰী, এৱেঁই মোৰ শাহু। আচৰিত কথা যে চন্দ্ৰপ্ৰভাৰ পৰা চাৰি পিড়ি তললৈ প্ৰত্যেকৰে আছিল একেজনীকৈ কন্য সন্তান। চন্দ্ৰপ্ৰভাৰ পেন্সন প্ৰতিটো পিড়িত কমি গৈ গৈ জ্ঞানদা সুন্দৰীয়ে পাইছিল মাহিলি ১০ টকাকৈ। তেতিয়াৰ ১০ টকা সম্ভৱতঃ আজিৰ ১০ হেজাৰ।

 যামিনী সুন্দৰৰ লগত জ্ঞানদা সুন্দৰীৰ বিয়া হোৱাৰ পাছত সকলোৰে চিন্তা হ’ল মাক, আইতাক আৰু আজো আইতাকৰ দৰে জ্ঞানদায়ো যদি একেজনী ছোৱালীক জন্ম দিয়ে। মাক সুখদাই জ্ঞানদাৰ বিয়াত বিৰাট ডাঙৰ আঁঠুৱা এখন দিছিল এনে আশা কৰি, যাতে আঁঠুৱাৰ তলখন ভৰাই জীয়েকে সন্তান জন্ম দিয়ে। তেওঁৰ মনোকাংক্ষা পূৰ্ণ কৰিবলৈকে হবলা আঁঠুৱাৰ তললৈ একে একে আহিছিল ছজন পুত্ৰ সন্তান আৰু পাঁচজনী কন্যা। এই এঘাৰজনৰ অষ্টমজনেই হ'ল আমাৰ গৃহস্থ অমলেন্দু গুহ। প্ৰথম দুগৰাকীৰ বাহিৰে বাকী আটাইকেইগৰাকীৰ জন্ম ইম্ফলত। প্ৰথমৰ ফালে শহুৰ দেউতাই ইম্ফলৰ বাংলা স্কুল এখনত শিক্ষকতা কৰিছিল। তাৰ পাছত অৱসৰ গ্ৰহণ নকৰালৈ জনষ্টন স্কুলত অধ্যক্ষ পদত আসীন আছিল। তেওঁলোক আছিল বাবুপাৰাৰ বাসিন্দা। বৰ্তমানে এই এলেকাটোত মন্ত্ৰীসকলৰ বাস।

 তেতিয়াৰ দিনত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত। শাহু আইৰ মুখে শুনিছিলো বিপদসংকুল দুৰ্গম পথেৰে তেওঁলোকে ডিমাপুৰৰ পৰা গৰুৰ গাড়ীৰে ইম্ফললৈ ১৪৪ মাইল পথ গৈছিল। সময় লাগিছিল ১০/১২ দিন। ইম্ফললৈ ২৫ মাইল বাকী থাকোতে বৰাক নৈখন পাৰ হৈছিল দলঙৰ ওপৰেদি। একেলগে বহু গৰু গাড়ী কনভয়ৰ ৰূপত ৰাওনা হৈছিল ডিমাপুৰৰ পৰা। গাড়ীবোৰ দিনৰ ভাগত কোনো নিজৰাৰ দাঁতিত ৰৈছিল আৰু ৰাতি যাত্ৰা কৰিছিল। লগত লৈ যোৱা চাউল-দাইল-আলু আদি নিজৰাৰ পানীৰে ৰান্ধিছিল, গা-পা কাপোৰ-কানি ধুইছিল আৰু জিৰণিও লৈছিল। শুনিছো, শাহু আইৰ মাক আৰু আইতাকে জীয়েকৰ লগত ‘নোনা ইলিচ’ মাছো দিছিল বাটত ৰান্ধি খাবলৈ। ঘৰে ঘৰে ফ্ৰীজ হোৱাৰ আগলৈকে অনেকৰ ঘৰত দেখিছিলো, সৰহকৈ ইলিচ মাছ আনিলে নিমখেৰে সাাানি টেমাত ভৰাই থয়। কেইবাদিনলৈ এই মাছ সংৰক্ষণ কৰিব পাৰি। ৰন্ধাৰ আগতে ভালকৈ ধুই ল’ব লাগে আৰু ৰান্ধোতে নিমখ দিব নালাগে। কেতিয়াবা কোহিমাত ব্ৰেক জাৰ্নি কৰি গুহ পৰিয়ালটো তেওঁলোকৰ আত্মীয় গিৰিশ বোসৰ ঘৰত আলহী হৈছিল। মোৰ ডাঙৰগৰাকী বৰজনা যোগেশ্বৰ গুহ দেউতাক-মাকৰ লগত গৰু গাড়ীৰে ইম্ফললৈ গৈছিল। আমাৰ গৃহস্থহঁতৰ সময়ত গৈছিল লৰীত, ওৰেটো বাট বমি কৰি কৰি।

 গুহ পৰিয়ালটোত যৌথ পৰিয়ালৰ বন্ধন শলাগিবলগীয়া। বৰ্তমানে শিথিল হৈ আহিছে যদিও সম্পূৰ্ণভাৱে লোপ পোৱা নাই। ডাঙৰ বৰজনা চাকৰিসূত্ৰে মণিপুৰ এৰি অসমলৈ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৪৯