পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অসমীয়া ৰামায়ণ

শত্ৰুক দলিলোঁ বুলি ক্ষেপিল পৰ্ব্বত।
সুগ্ৰীব দেখন্ত গিৰি আসয় পথত॥
লাঞ্জে মেঢ়াই ধৰিলন্ত মাতঙ্গৰ লীলা।
সুগ্ৰীৱ ধৰিলা ৰঙ্গে গিৰি শৃঙ্গ শিলা॥
শিখৰে শিখৰে পৰি উফুৰিয়া যাই।
শৰীৰত পৰি গৈয়া অগনি বজাই॥
দেব বীৰ্য্য কলেবৰ বজ্বেসে সাক্ষাত।
পৰ্ব্বতে পৰিয়া কি কৰিব তাসম্বাত॥
দেখিলন্ত সুগ্ৰীৱ পৰ্ব্বত গোট আছে।
এক প্ৰহৰৰ পথ যুড়ি আগে পাছে॥
আধ প্ৰহৰৰ পথ হৱয় চৰাৱে।
লাথি হানি সুগ্ৰীৱে ভাঙ্গিলা বাম পাৱে॥
সুগ্ৰীৱ পৰ্ব্বত গোট হানিলন্ত বলে।
মন পবনৰ বেগে গিৰি গোট চলে॥
তেহ্ণয় দুইগুণ বালী পৰ্ব্বতক পাই।
লাঞ্জে মেঢ়াই প্ৰহাৰিলা সুগ্ৰীৱক চাই॥
পৰ্ব্বতে পৰ্ব্বতে ভৈলা আকাশে আন্দোল।
অগনি কণিকা উঠি গৈলা স্বৰ্গ কোল॥
ত্ৰিভুবনে লাগি গৈলা অদ্ভুত শবদ।
নৰ নাগ দেবগণ ভৈ গৈলা তবধ॥