পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া ৰামায়ণ।
কিষ্কিন্ধ্যাকাণ্ড।
⸺•⸺

পদ।

প্ৰণামিলো ৰাম পদে ত্ৰৈলোক্যৰ নাথ।
নিশাচৰ ৰাৱণক বধিলা লঙ্কাত॥
সুগ্ৰীৱৰ হিত বধ বালীৰ মৰণ।
মাধবে ভণিলা পদ শ্ৰীৰাম চৰণ॥
ৰামায়ণ কথাক সুমৰে যিটো জনে।
পাপ মৃগ পলাই যেন সিংহ দৰশণে॥
বিজুলি ছটকে যেন অথিৰ সংসাৰ।
ৰাম সুমৰণে কোটী পুৰুষ উদ্ধাৰ॥
শুনা সভাসদ ৰাম চৰিত্ৰ উত্তম।
সমস্ত লোকৰ ইটো ধৰ্ম্ম মোক্ষত্তম॥
ইহাৰ স্মৰণে সুখে তৰিবা সংসাৰ।
জানি ৰামচন্দ্ৰৰ চৰিত্ৰ কৰা সাৰ॥