পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অসমীয়া ৰামায়ণ।

আৱৰ কাহিণী কহো শুনিয়ো শ্ৰীৰাম।
দুন্দুভিৰ শ্ৰেষ্ঠ ভাই মায়াৱন্ত নাম॥
ভাতৃ শোকে সিও আসি মাগিলেক ৰণ।
দুই ভাই সাজি নিকলিলোঁ তেতিক্ষণ॥
বানৰৰ ৰাজা বালী বীৰত্বে প্ৰধান।
পাছতে চলিলোঁ মই পৰ্ব্বত সমান॥
দুই ভাইক দেখি সিটো অসুৰ ডৰিল।
মহা বেগে পৰ্ব্বতৰ গহ্বৰে পশিল॥
চন্দ্ৰাৱলি ৰজণী দেখিয়া বহু দূৰ।
দেখিলা গৰ্ত্তৰ মাজে পশিলা অসুৰ॥
দদা মোক বোলে তই থাক ইথানত।
যাৱে নাসোঁ মই অসুৰক কৰিহত॥
কৰিলো কাৰ্পূণ্য মই চৰণত ধৰি।
জীৱন মৰণ জানিবোহো কেন কৰি॥
বালী বোলে গৰ্ত্ত ভৰি দুগ্ধ হৱে বাজ।
নিশ্চয়ে জানিবি মৰিবোহু বালী ৰাজ॥
নতুবা বিবৰে বাজ হৱে তেজ চয়।
অসুৰক মাৰিলোঁ মোহোৰ ভৈলা জয়॥
মাৰিবোঁ অসুৰ কিছু নকৰিবি ভয়।
তথাপিতো মোৰ মনে নুগুছে শংসয়॥