পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
কিষ্কিন্ধা কাণ্ড

অঙ্গদে প্ৰমুখ্যে সবে পুছিলন্ত কাজ।
তোমাৰ কৌশলে সবে পাৰ ভৈলো আজ॥
বুলিলা যে সীতাক ৰাৱণে নিল হৰি।
স্বৰূপ কি মিছা কহিয়োক দৃঢ় কৰি॥
এহি শুনি সম্পাতি শিখৰে চড়িলন্ত।
লঙ্কাৰ গড়ক লাগি মুণ্ড তুলিলন্ত॥
দেখন্ত লঙ্কাৰ মাজে অশোকা বনত।
আছন্ত গোসাণী সীতা শিংশপা মূলত॥
বেঢ়িয়া আছন্ত তৈতে ৰাক্ষসিণী গণে।
জানিলে সীতাক সুখে নেদিব ৰাৱণে॥
শিখৰৰ হন্তে নামিলন্ত তেতিক্ষণে।
সম্পাতিক দেখিয়া বেঢিলা সেনা গণে॥
সম্পাতি বোলন্ত শুনিয়োক সেনা গণ।
সত্য স্বৰূপ জানা আমাৰ বচন॥
দুজ্জন ৰাৱণে সীতা আনিলেক হৰি।
অশোকা বনত থৈয়া আছে বন্দি কৰি॥
সকালে দেখিলো আমি পৰ্ব্বতত বসি।
তৰু তলে বেঢ়ি আছে অনেক ৰাক্ষসী॥
আনতো সুবুলি মিছা তুমি উপকাৰী।
বিশেষতঃ শ্ৰীৰাম বংশৰ অধিকাৰী॥
আউৰ উপদেশ বোলো শুনিও বচন।
পূবক উজাহো এক প্ৰহৰ গমণ॥