পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৯

আহিবলৈ সংকোচ কৰে। অনুপ-জুপিতৰাৰ সংসাৰৰ পৰা বহু দূৰত্বত অৱস্থান কৰিবলৈ বিচাৰে বুলি বাসৱীয়ে জুপিতৰাক স্পষ্টকৈ বুজাই দিয়ে। জুপিতৰাই হাঁহে। ভাললগ-ভালপোৱাৰ মাজত দূৰত্ব হেঙাৰ নহয় বুলি বাসৱীয়ে এতিয়াও সঁচাকৈয়ে উপলব্ধি কৰা নাইনে? তথাপি সময়মতেই বাসৱী আহে। অনুপ-ঝৰ্ণাৰ পাৰ্টি এইবাৰলৈ কেমচেল হয়। চাহমেলৰ মাজতেই ঝৰ্ণাই দেউতাকৰ সলনি মাকলৈ এখনি মজলীয়া আকৃতিৰ ফটো ফ্ৰেম আগবঢ়াই দিয়ে। ছাইবৰণীয়া ফ্ৰেমটোৰ মাজভাগ পাতল নেট এখনেৰে ঢাক খাই থাকে। জুপিতৰাই আচৰিত হৈ লওঁ- নলওকৈ ফটো ফ্ৰেমখন হাত পাতি লয়। নেটৰ পাতল আৱৰণ গুচাই জুপিত স্তব্ধ হৈ পৰে। নিথৰ দুচকুৰে ঝৰ্ণালৈ চায়। ঝৰ্ণাই মাকৰ কাষলৈ আহি কয়- “কিয় তেনেকৈ চাইছা মা? পাপাই কৈছিল, মোক যদি জন্মদিনৰ উপহাৰ দিব খোজা , তেন্তে জুপিৰ হাঁহিটো ওভতাই দিয়া। তেওঁৰ হাঁহি অবিহনে মোৰ জীৱন নিশ্চল। আৰু তেতিয়াই পাপাই মোৰ হাতত তুলি দিছিলহি তুমি আঁকা এই চিত্ৰখন। এয়া হেনো তোমাৰ প্ৰিয়বন্ধু মা? জুপিতৰাৰ দুচকুৰ জলমলাই থকা দুটোপাল অশ্ৰু সৰি পৰেহি চিত্ৰখনৰ তলত সেউজীয়া আখৰেৰে লিখা থকা “প্ৰিয়বন্ধু”ত। তাইৰ নিজ আঙুলিৰে অংকন কৰা আশীষৰ চিন-নিচিন চিত্ৰখনৰ তলত অনুপৰ হাত্ৰ আখৰেৰে লিখা “প্ৰিয়বন্ধু”ত দৃষ্টি নিবদ্ধ হৈ ৰয় জুপিতৰাৰ। এৰা, প্ৰিয়বন্ধুতকৈ উৎকৃষ্ট কি নামকৰণ হ'ব পাৰে সিহঁতৰ সম্পৰ্কৰ? বাসৱীয়ে নিজৰ সন্ত্ৰম ৰক্ষা কৰি বিষয়টোৰ ভিতৰলৈ সোমাবলৈ নিবিচাৰে। জুপিৰাই চাও-নাচাওকৈ অনুপলৈ চায়। কিমান দিন যে চোৱানাই অনুপৰ দুচকুলৈ? এয়া কি? উৱলি যোৱা আধৰুৱা সপোনটোৱে চোন অনুপৰ দুচকুতেই ঘৰ সাজি বহিছেহি। আত্মবিভোৰ হৈ আত্মবিস্মৰণত মগ্ন হয় জুপি। জালিকটা অনুভৱে হিয়ালি -জিয়ালিকৈ কান্দিব খুজিও কিয় জানো নীৰৱে থমকি ৰ’লহি। যেন সঞ্জীৱনী বতাহ এজাকে জুপিতৰাক চুই গ’লহি। অনুপে চিত্ৰখন আলফুলে বেৰত আঁৰি দিলেগৈ। নিস্পৃহ প্ৰাণেৰে জুপিৰাই অনুপ আৰু “প্ৰিয়বন্ধুলৈ একেথৰে চাই ৰ'ল...




মোৰ বাবে অৰ্ধ আকাশ হৈছে প্ৰেৰণা,সাহস আৰু শক্তি।
মোৰ জীৱনৰ সুখ-দুখ,ঘাত-প্ৰতিঘাত,হাঁহি-কান্দোন আৰু অভিজ্ঞতাবোৰৰ সৈতে
অৰ্ধ আকাশ একাত্ম হৈ পৰিছে।

—মুনমী বুঢ়াগোহাঁই চেতিয়া।—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড