পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেওঁ পুনৰ উঠিছে

 যেতিয়া যীচুৱে ক্ৰচৰ ওপৰত মূৰ দোৱালে আৰু কলে “পিতা, আপোনাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিলো”, তেতিয়া আমাৰ মুক্তি সিদ্ধি হ'ল। আমাৰ পাপৰ মূল্য সম্পূৰ্ণে শোধ কৰা হ’ল, স্বৰ্গৰ দুৱাৰ আমাৰ নিমিত্তে আকৌ মুকলি কৰা হ’ল।

 তিন দিন ব্যাপি যীচুৰ মৃত দেহ কবৰত থাকিল। ফাৰিচিবিলাকে তেওঁৰ শিষ্য বোৰে মৃতদেহ চুৰ কৰি লৈ যায়হি বুলি কিছুমান সৈন্য পহৰা দিয়াই ৰাখিছিল।......

 দেওবাৰে ৰাতিপুৱা যীচু মৃত্যুৰ পৰা অসীম শক্তি আৰু মহিমা লৈ পুনৰ উঠিল। প্ৰভুৰ দূতবোৰে আহি কবৰৰ মুখৰ শিল আতৰাই দিলেহি; পৃথিৱী কঁপি উঠিল; সৈন্যবোৰে ভয-বিহ্বল হৈ মাটিত ঢাঁচ ঢাঁচ্‌ কৰি পৰি গ'ল; কিয়নো অপূৰ্ব্ব জ্যোতিয়ে সেই ঠাই আলোকিত কৰি তুলিলে আৰু যি যীচুক সিহঁতে ক্ৰুচত বিদ্ধ কৰি মৰিছিল, সেই যীচু এতিয়া সিহঁতৰ আগত থিয় দি আছে...তেওঁৰ মুখ সূৰ্য্যতকৈয়ো অপূৰ্ব জ্যোতিৰে আলোকিত আৰু হাতত জয়ৰ নিচান!

 আল্লেল্লুযা! প্ৰভু পুনৰ উত্থিত হৈছে!! তেওঁৰ মহিমাৰে উঠিছে আৰু কেতিয়াও মৃত্যু নহব। তেওঁ শক্তিমন্ত হৈ উঠিছে আৰু স্বৰ্গলৈ বিজয়ী ৰজাৰ দৰে আৰোহণ কৰিব।