পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৮
অসমীয়া সাহিত্যৰ চানেকি।

সিদিনা সন্ধিয়া দৰে আজি কিয় তেনেকুৱা কৰে মন ?
খঙ্গেৰে মাৰ গৈ, বেলিয়েও তােত, দিছিলে যে বিসর্জন।
আজ পুৱাই বােলে, হাঁহি চকু মেলি, পঠালে বাতৰি কিব।।
চিকুন নাৱে খনি, আশাৰে উজলি, আহিছে উধাই বা!

মানুহৰ নাও, মানুহৰ ভাৱ, দেখিব লাগিছে ভাল।
মানুহ মিতিৰ, বৰ মৰমৰ, পাতিছে কিহৰ জাল ?
গহীন মুখনি, মৰমেৰে সনা,-কোনবা দেৱতা এওঁ ?
কেলেই লাগিছে, মানুহ পৰিয়াল,—আহিয়ে দেখোঁ ধৰেও !
—“হাতো 'নেমেলিবি, ফুলাে নিছিঙ্গিবি, ক’ৰ নাৱৰীয়া তই ?
মানুহে ফুলৰ, নেজানে আদৰ, তেজিমলাহে মই।”

জলকুঁৱৰী।

পুৱতী নিশাৰ ডাক নাই পৰা নীৰৱ বিশ্বৰ বাঁহী ?
কোনােবা লােকৰ নিমাত প্ৰাণীয়ে হাঁহিছে নিফুট হাঁহি॥
পথালি চকুত এন্ধাৰ এন্ধাৰ, তৰাই ৰালৈ চায়।
তলত পানীৰ দাপােণলৈ চাই হাঁহিছে মিটিকিয়াই॥
শেষ নিশা কেনে ৰ লাগি ৰইছে, লগৰীয়া কোনো নাই !
ভয়ক চঁকাই ফুচফুচাই কোন এন্ধাৰে এন্ধাৰে যায় ?
গহীন পাৰত, গহীন বননি কি সৰে গছৰ পৰা ?
হুৰ্‌ হুৰ্‌ কৰি কিবা গল উৰি 'খক খক’ মাতে ৰাতিচৰা॥
দাবিতে লাগিল তধা বসুন্ধৰা এৰিলে নিশাহ এটি।
শিয়ৰে বনৰ গছ পাত লতা, কঁপিছে বতাহ ছাটি॥
উষাৰ জাননী দিলে তীক্ষ্ণৰবে, পূবত ৰাঙ্গলী হাঁহি।
ভুমুকি মাৰি চাইছেহি কোনে ? উটি আহে ফুল পাহি॥
কলৈ যায় সৌৱা ফুলৰ পাহিটি, চিঙ্গিনো ভহালে কোনে ?
কি বাতৰি যায় ফুলাম নাৱ বাই কোন্‌বা কুৱঁৰী পােনে ?
কি খেল খেদিছে, কোনে বা কাক পছিম ফাললৈ চাই ?
কোন আছে তাত, কলৈ বা পঠায়, বাতৰি পায় নে নাই ?