পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লক্ষ্মীনাথ বেজ বৰুৱা।

পদ্মকুমাৰী।

প্ৰথম অধ্যায়।

 ৰাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সৰু বেজি এটি হাতৰ পৰা হঠাৎ মাটিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ ‘ফেউ’ ‘ফেউ’, কুকুৰৰ ‘ভুক’ ‘ভুক', হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ, নিফুট, ভয়-লগা ৰাতিক আৰু ভয়-লগা কৰি তুলিছে। কেতিয়াবা বতাহৰ অলপ ৰিব্‌-ৰিবনিত গছ পাত বোৰ জৰজৰাই উঠিছে। আকৌ বতাহ নাইকিয়া হলত সেই বোৰৰ ভিতৰত সাৰ-সুৰ নাইকিয়া হৈ পৰিছে। এনেহে বোধ হয়, যেন নিশাই লুটি বাগৰ দিলৈ আকৌ দুৰ্ঘোৰ টোপনিত নিমগ্ন হৈছে। পশু, পক্ষী, জীৱ, জন্তু সকলোবোৰ টোপনিৰ কোলাত পৰি অচেতন : সকলো দুখ-ভাগৰ, চিন্তা চৰ্চ্চা এটাইবিলাক সেই ৰাতিৰ নিমিত্তে নিদ্ৰা দেবীৰ আগত বলি দি নিশ্চিন্ত, নিৰুদ্বেগ, আৰু নিস্তব্ধ। কিন্তু এনে সময়ত এটী প্ৰাণীৰ চকুত টোপনি নাই, মনত শান্তি নাই, অন্তৰত সুখ নাই। তেওঁ এটি ঘৰত এটা খোটালিত এখন শোৱা পাটিত বহি কিবা ভাবত মজিছে। তেওঁৰ মূৰ-শিতানৰ ওচৰতে এটা সৰিয়হৰ তেলৰ চাকী ঢিমিক ঢিমিককৈ জ্বলিছে। চাকীটোত যে তেল নথকা বাবে তেনে হৈছে এনে নহয়; তাত তেল আছে, কেৱল শলাকানি ডালৰ আগটো কাটি বঢ়াই নিদিয়া বাবেহে তেনেকৈ সি কলমুটিয়াই আছে। চাকীটোৰ পৰা অলপ মান আঁতৰত সেই ফালেই, বাৰত আৰি থোৱা এটা কাঠৰ হেঙ্গুলীয়া সৰু কৰণীত এখন হেজাৰী ঘোষা পুথি আছে। ভৰি-পথানৰ ফালে দুটা বেতৰ কাপোৰথোৱা জপা আৰু এটা সৰু হাতনি, পেৰা, এখন বাঁহৰ চাঙ্গৰ ওপৰত থোৱা হৈছে। তাৰ ওচৰতে সেই চাঙ্গতে মূৰশিতানৰ ফালৰটোৰ নিচিনা এটা সৰু, আৰু এটা ডাঙ্গৰ কৰণী আছে। সৰুটোৰ ভিতৰত বস্তু এই কেইটাঃ—এখন সৰু আৰচী, এটা কাঠৰ হেঙ্গুলীয়া সেন্দুৰৰ টেমা, এবখলা সেন্দূৰ গোলা শামূক, এডাল কেঁটেলা পহুৰ কাঁইট, এডাল