পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪৬
অসমীয়া সাহিত্যৰ চানেকি।

ৰুগীয়া দুঃখীয়া  সেনাক আশ্বাসি,
  পাছে যাইব সেনাপতি।
সেনা গণ লৈয়া  মন্ত্ৰী গণ সমে,
  চলিবেক নৰপতি॥
বিষম থলত  গজে কৰি গতি,
  জলে পুনু পৰ্ব্বতত।
অশ্বত চৰিয়া  কৰিবেক গতি,
  নৃপতি সম থলত॥
মেঘৰ আগমে  গজত চড়িব,
  ফুৰিবে পাঙ্গ স্থলত।
মেঘৰ আগমে  প্ৰসস্থ বোলয়,
  গজ মন আগ্ৰহত॥
মনে নপাই তত্ব  কৰি বিচাৰত,
  হস্তী সকলৰ যান।
অন্যত্ৰ কালত  জানিবা নৃপতি,
  তুৰঙ্গ যান প্ৰধান॥
সকল থলত  সকল কালত,
  যান পতি সকলৰ।
সৈন্যে দুৰ্গে মাৰ্গে  এমন গমন,
  লক্ষণ নৃপ সবৰ॥
ভাল বোধা যদি  বখীয়ান থাকে,
  নকৰি নিদ্ৰা প্ৰধান।
যোগ নিদ্ৰা মাত্ৰ  কৰিব নৃপতি,
  ৰহিব যোগীৰ থান॥
বন পৰ্ব্বত  ৰাজাক ৰাখিব,
  সৈন্য গণে ভাল মত।
বন পৰ্ব্বতক  মৰ্দ্দন কৰিয়া,
  আক্ৰমিবে শক্ৰ যত॥