পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৬
অসমীয়া সাহিত্যৰ চানেকি ৷

এহি মতে লোক তথা আয়াযাত কৰে।
লোক ঘঞ্চাল শুনি আনন্দিত শঙ্কৰে॥
নিৰ্ঘৰিষ প্ৰসঙ্গ যে হোৱয় তথাত।
আন ভক্ত সব বসি থাকয় তথাত॥
আৰু এক কথা কহো শুনিয়ো লোকাই
ছোৱাল ভকত এক নামত কৃষ্ণাই॥
হৰি কথা শুনে তথা আনন্দে ঝুৰয়।
ভকতে পুছিলে কহিবাক নপাৰয়॥
কাহাৰ চৰিত্ৰ কিবা পঢ়য় পুস্তক।
প্ৰপঞ্চিয়া কথাক নপাৰে কহিবাক॥
ভকত সকলে কহে দেৱৰ আগত।
ছোৱাল ভকতে হৰি কথা শুনে নিত॥
ভকতে পুছিলে কহিবাক নপাৰয়৷
তথাপিত দেখোঁ তথা ঝুৰিয়া থাকয়॥
দামোদৰে শুনি তাক লক্ষ্য কৰিলন্ত।
সমস্ত ভকত এক দিনা বসিলন্ত॥
ভকত লক্ষণ পাছে দেখি দামোদৰ।
সঘনে ঝুৰয় নীৰ দুয়ো নয়নৰ॥
প্ৰসঙ্গ সামৰি পাছে পুছয় ভক্তত।
কাহাৰ প্ৰসঙ্গ গৈল কহিয়ো সাম্প্ৰত॥
দণ্ডৱতে পড়িলন্ত কহিবে নপাৰি।
গদগদ বাক্যে মাতে কৃতাঞ্জলি কৰি॥
শুনিয়োক প্ৰভু দেৱ নপাৰো কহিতে।
কহিলাহা এথা তুমি কাহাৰ চৰিত্ৰে॥
কিবা হেতু লোতক যে ঝুৰয় নয়নে।
ইহাৰ কাৰণ কহিয়োক এতিক্ষণে॥
কৃষ্ণ নিগদতি প্ৰভু শুনিয়োক দেৱ।
তোমাৰ চৰণে কৰো লক্ষ কোটি সেৱ॥
কৃষ্ণ হেন নাম ইতো লোকত কহয়।
তাহাঙ্ক সুমৰি মোৰ নয়ন ঝুৰয়॥