পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮৬
অসমীয়া সাহিত্যৰ চানেকি


ৰাম ৰাম গুৰু যে মাধৰ নাৰায়ণ।
পৰম আনন্দে থাকা আৰো তিনিজন॥
শঙ্কৰ সহিতে আৰা বসিয়া আছন্ত।
পৰম হৰিষে কৃষ্ণ কথাক চৰ্চ্চন্ত॥
সংক্ষেপিয়া ইটো কথা এহি মানে থওঁ।
শুনিয়োক যেন ভৈলা তাক আৱে কওঁ॥
ৰামৰায়ে বোলন্ত শুনা বেদৰ বচন।
গুৰু বিনে যত দেখা সবে অকাৰণ॥
গুৰু বিনে নহে জানা হৰিত ভকতি।
শাস্ত্ৰে কহি আছে ইতো পৰম যুগুতি॥
এহিমতে দুয়ো জনে আলচ কবিলা।
তথহন্তে ৰঙ্গমনে মণিকুটে গৈলা॥
তথাহন্তে দুয়ো মাধৱক বিচাৰিলা।
পশ্চিমক গৈয়া ৰত্ন পীঠক পাইলা॥
তথাহন্তে দুয়ো পাছে পশ্চিমক গৈলা।
ব্ৰহ্মবিদাৰক যেন দৰিশন পাইলা॥
পৰম হৰিষে তিনিয়ো কথা কহিলন্ত।
তথা হৈতে গৈয়া চৈতন্যক দেখিলন্ত॥
কণ্ঠ ভুষনৰ মুখে শুনিছে শঙ্কৰ।
কৃষ্ণ যে চৈতন্য হুয়া হৈছে অৱতাৰ॥
ব্ৰহ্মানন্দ আচাৰ্য্যেও কহিছে পূৰ্ব্বত।
ব্ৰহ্মহৰিদাসে পাছে কৈলা শঙ্কৰত॥
সেহি কথা সুমৰি শঙ্কৰ মৌন ভৈলা
ৰামৰাম গুৰু সমে ওচৰ চাপিলা॥
অবনত হুয়া দুয়ো নমিলা সাক্ষাৎ।
পূৰ্ব্বাপৰ পুছিলন্ত কথা যত যত॥
শঙ্কৰৰ আগে নমাতিলা মহাজ্ঞানী।
কমণ্ডলু জল ঢালি বুজাইলা আপুনি॥
শঙ্কৰেও বুজিলন্ত সেই আনুমানে।
এক যে শৰণ ধৰ্ম্ম চৈতন্যৰ স্থানে॥