পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৬
অসমীয়া সাহিত্যৰ চানেকি।

আজ্ঞা শিৰে ধৰি  তেতিক্ষণে গুহে,
 আনি দিলা বৰ আঠ।
জটা নিৰ্ম্মি শিৰে  দুভায়ে গঙ্গাৰ,
 পাৰ হৈতে লৈলা বাট॥
 গঙ্গাতীৰ চাহি  গুহ যে সুমন্ত,
 আছয় বিকল ভাৱে।
সীতাৰ হাতত  ধৰিলা লক্ষ্মণে,
 ৰামে চড়িলন্ত নাৱে॥
ৰাম সীতা লখাই  গুহ সুমন্ত,
 নয়নে লোতক বহে।
দুইহাঙ্কো সম্বুধি  ৰাম চলি গৈলা,
 শৰীৰ কাৰো নসহে॥
পৰম অমৃত  ৰামৰ চৰিত্ৰ,
 সুনা সামাজিক যত।
অসাৰ সংসাৰ  আৰ আশা এড়ি,
 কৰিয়ো ৰতি ৰামত॥
ৰামৰ ভকতি  এহিসে সম্পত্তি,
 সমস্ত শাস্ত্ৰ সম্মত।
থিৰ মন কৰি  বোলা হৰি হৰি,
 লাগোক জুই পাপত॥

পদ।

মাঝ গঙ্গা পাইলা গৈয়া লৈয়া নাৱ বাহি।
হাত যোৰে বোলন্ত গঙ্গাক সীতা চাহি॥
সুনিয়ে গোসানী তুমি দেৱ নদী গাঙ্গ।
আমি যিতো বোলোঁ তাক সুনিয়োক সাঙ্গ॥
প্ৰণামোহো গঙ্গা দেবি হেৰ যোৰ হাত।
দশৰথ সুত ৰাম মোৰ প্ৰাণনাথ॥