পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
অসমীয়া সাহিত্যৰ চানেকি।

আগুয়ান সেনাগণ পলাই ভাগি ভাগি।
দুঃশাসনে শকতি হানিলা পাশ লাগি॥
পাঞ্জৰিয়া হাতে শৰ হানি যুযুধান।
কাটিলন্ত শকতি পৰিল সেহি থান॥
আন ধনু ধৰি পিচে পিচে খেদি গৈলা।
তিনি শৰে ভেদিবাৰ আটাসেক দিলা॥
ক্ৰোধিয়া সাত্যকী হানিলন্ত ষাঠি বাণ।
দুঃশাসন হৃদয়ত কৰিলা সন্ধান॥
দুঃশাসন বীৰ চলি পৰিলা ৰথত।
আৰু দশ নাৰাচ হানিলা হৃদয়ত॥
সুস্থ হুয়া দুঃশাসন দুনাই গৈলা খেদি।
সিংহনাদ কৰিলেক কুৰি শৰে ভেদি॥
দুনাই সাত্যকী বীৰে হানি তিনি শৰে।
দৃঢ় কৰি ভেদিলেক দুই স্তন ভিতৰে॥
চাৰি শৰ মাৰি ঘোৰা নিলা যমথান।
একশৰ মাৰি সাৰথিৰ লৈলা প্ৰাণ॥
একশৰ হানি তাৰ কাটিলন্ত ধনু।
দুই প্ৰাঞ্চি সাৰথিৰ বেলগাইলা তনু॥
একশৰে ধ্বজ একশৰ হৃদয়ত।
ৰথ ভঙ্গে তযু সুত ভৈল ভূমি গত॥
ধনুত জুৰিল নমাৰিলা দুই বাণ।
ভীমৰ নিমিত্তে তাৰ নলৈলন্ত প্ৰাণ॥
ভীমে মাৰিবন্ত তৱ শতেক কুমাৰ।
এহি বুলি নকৰিলা দুনাই প্ৰহাৰ॥
যুড়িবাৰ শৰ পাত আনক মাৰিয়া।
অৰ্জ্জুন পাশক গৈলা শীঘ্ৰে ৰথ বায়া॥
ত্ৰিগৰ্ত্তৰ সেনাপতি নামত সুৰত।
দেখে দুঃশাসন হুয়া আছে ভূমিগত॥
আপোনাৰ ৰখে তুলি পলুৱাই নিল।
চিৰকালে দুঃশাসন চেতন লভিল॥