মাত। গৃহে বাতি দিয়ে সন্ধ্যা বেলাত॥ ৰন্ধন কৰয় বচন মিষ্ট। সেই
গৃহিনীক বোলয় ইষ্ট॥ টীক বলধা খান্দে মাটি। মাক ভালেহে জীয়েক
জাতি॥ ঘৰত ঢেকি পৰক যায়। ডাকে বোলে তাইক পৰেসে বায়॥"
পৰিত্যাগ-কথনৰ বচনো অতি জ্ঞানগৰ্ভ :—
“তিনি নাৰী যাৰ একটি স্বামী। তাক পৰিহৰ বোলোঁহো আমি॥ পৰিহৰ শুকটী মৎসৰ জোল। পৰিহৰ অসতী জনৰ বোল॥ পৰিহৰ মন্দিৰ সন্মুখে বাট। পৰিহৰ যুবতী যি কৰে হাট॥ পৰিহৰ পুখুৰীৰ পিছল ঘাট। পৰিহৰ কৃষি মধ্যে থাকে যদি বাট॥”
কৃষি-লক্ষণ প্ৰতি খেতিয়কৰ দশা-গণনা স্বৰূপ :—
“ৰ’দে-বৰিষণে সমে যায়। তেবেসে কৃষিৰ লাভক পায়। মাঘী সপ্তমীত বৰিযে দেৱ। বেহা এৰি কৰ নাঙল সেৱ॥ ৰবি-ৰবিসূত ভূমি-নন্দনে। মাঘৰ আওসী তৃতীয়া দিনে॥ ইহাতে উত্তৰা যেৱে পায়। অৱশ্যে জানিবা আহু হেৰায়॥ ফাল্গুনৰ শেষে চৈত্ৰ প্ৰৱৰ্ত্তে, সেই যে হৱে বাৰ। আকে শিতলী, শনিৰে পাতলী, ধুৰি এন্ধাৰ॥ সোমে বহু জল, কৃষিৰ বিফল, ডাকৰ বচন সাৰ। যদি হোৱে বুধ বৃহস্পতি শুক্ৰবাৰ। মেদিনী নসহে শস্যৰ তাৰ॥’’
বৃষ-লক্ষণ অসমীয়া বৃষ-নিদান স্বৰূপ :—
“গৰু কিনিবা চিকণ জালি। দুই চাৰি ছয় দস্তীয়া ভালি॥ হৰিণৰ সমান জিহ্বা কাণ। হেন বলধ বিচাৰি আন॥ ছয়ে ছোটা, চাৰিয়ে মোটা। বিচাৰি কিনিবা বলধ গোটা॥ ছয় দন্তক ভাগ্যেসে পাব। সাত দন্তীক দেখি পলায়॥ গাঁৱৰ বলধ নিকটৰ ভূঁই। ইয়াক নেৰিব জানন্তা হুই॥ যুজাৰু বিচাৰি কিনিবা গাই। সৰু-মুৱা পাছ-ডাঙৰ চাই॥ যাৰ নাই ঋণ৷ সি গৃহস্থে বুঢ়া গৰু কিন॥ বলদক ভাই নিদিবা দুখ। তাতে আছে ভাৰতৰ সুখ॥ টকা-নেজ ঠুটৰী চুটি। সেইটো জানিবা গৰিয়া-গুটি॥ শবথিৱাৰে পীয়ে পানী। গোম-চকৰীয়াক ঘৰলৈ নানি॥ গৰু কিনিবা দীঘল নেজা। মৈত উঠিলে নহয় কুজা ॥ তাল-জুৰীয়া নবহে হাল। ভাতে নাটে সৰ্ব্বটিকাল॥ গৰু কিনিবা নিঘুণ বগা। বেলন্ত ডাকে মই হওঁ লগা॥”