পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


 হামাৰ বেটীকু জনম সফল।
হামাক বস্ত্ৰ দিলা শিৰেসি পায়া।
তুহু দয়ালু শঙ্কৰ স্বামী।
তোহাৰ ভক্তক শঙ্কৰ বাঞ্ছা৷

   

চিদানন্দ পতিক দৰশন পায়া॥
হামু পাবাৰ শিৰে বোলায়া॥
তুহু মেৰি ছাহেব চাকৰ হামি॥
ভিক্ষুক কবীৰ কৰিল ইচ্ছা॥’’

 শঙ্কৰদেৱৰ বিশ্বস্ত মুছলমান শিষ্য চান্দখাঁৰ গুণ-গান গুৰু-চৰিতবোৰত বহলাই আছে। চান্দখাঁৰ ৰচিত এটি ৰহস্য-মূলক তত্ত্বপূৰ্ণ বিতোপন গীত প্ৰচলিত :—

ঘোষা। 

 কিনো গীত গাইলি
গভুৱা এন্দুৰৰ

 

চান্দে ৰে বৰাই
পাৱতে পৰিয়া

 

কিনো গীত গাইলি চান্দে॥
বোন্দা বিৰলীয়ে কান্দে॥

পদ। 

 বাঁহৰে আগতে
বেজীৰে আগতে
আমৰে গছৰে
কবীৰৰ চাৰি ভাই
গাইএ গোহালি
হাতত সৰু লৈ
বেবাই বাৰীকে।
হাতত জপা লৈ
চাউলে খুবলি
ৰজাৰে হাতী-দাঁত
সাগৰৰ মাজতে
কহতু চান্দখাঁই,

 

বেলি চিকেমিকাই,
ৰান্ধনে বাঢ়নে,
তামোল-নাৰিকলে,
ৰজাৰ হাতী দাঁত,
গিলিলে, বৰাই,
চোৰে খেদি গলে,
গিলিলে, বৰাই,
চিকুটি ছিঙিলে,
ঘোৰাৰ ঠকঠকি,
এই গীত ৰচিলোঁ,

 

চিলনী কি খাই জীয়ে॥
উদানে কি কাপোৰ সীয়ে॥
কঠালৰ গছতে বেল॥
এন্দুৰৰ গাঁততে মেল॥
পঘায়ে গিলিলে গৰু॥
খেদি লৈ গল চৰু॥
দুৱাৰে গিলিলে ঘৰ॥
গিৰিহঁতে মাৰিলে লৰ॥
তুঁহে উৰুৱালে কুলা॥
কুঠাৰে কাটিলে মূলা॥
নগৰত বুলিলে মাৱ॥
বুজাঁ ভকতিৰ ভাৱ॥’’

 শ্বাহ মিলন “আজান ফকিৰ”ৰ নামত প্ৰচলিত জিকিৰবোৰ নিশ্চিতভাৱে মহাপুৰুষীয়া প্ৰভাৱত ৰচিত ইছলাম গীত; মহাপুৰুষীয়া প্ৰসঙ্গ-প্ৰণালীৰে এনেবোৰ নাম চাপৰি বজাই গোৱা ৰীতি আজি-কালিলৈকো প্ৰচলিত থকা চকুৰে দেখা কথা; জন-গীতৰ দৰেই এইবোৰ মৌখিকভাৱে ৰচিত, আৰু স্বভাৱতো জন-গীত জাতীয়, সন্দেহ নাই; শ্বাহমিলনৰ নামতে এই গীতবোৰ কেন্দ্ৰীভূত যেতিয়া তেওঁৰ কাল জানিলেই জিকিৰবোৰৰ কালৰ নিৰ্ণয় হয়।