“জিলিঙনি” সম্পৰ্কে ন-পুৰণি মতামত
“অসমীয়া সাহিত্যৰ জিলিঙনি’’ পাইছোঁ৷ অসমীয়া গীত-ৰাগ-পদৰ সৌন্দৰ্য্য বিচাৰি উলিয়াই তোমাৰ চেনেহী ভাষাৰ অফুৰন্ত গৌৰৱ তুমি বঢ়াব লাগিছা। কি গদ্য, কি পদ্য, সকলোতে তোমাৰ সিদ্ধ হাত।”
ৰজনীকান্ত বৰদলৈ
“অসমীয়া সাহিত্যৰ জিলিঙনি’’ আগ্ৰহেৰে মেলি লৈ পঢ়ি চাই পৰম
সন্তোষ পালোঁ। আপোনাৰ পৰিশ্ৰম সাৰ্থক হৈছে। সুধীবৃন্দই এই পুথি
পঢ়ি নিশ্চয় সোৱাদ পাব। আমাৰ ভাষাত সমালোচনাৰ পুথিৰ বৰ অভাৱ।
এই পুথিয়ে সেই অভাৱ কিছু পৰিমাণে দূৰ কৰিলে। সাহিত্য-ক্ষেত্ৰত
আপোনাৰ অদম্য উদ্যম আৰু অক্লান্ত পৰিশ্ৰম দেখি মোহিত হৈছোঁ।
ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক। ভিন্ ভিন্ যুগৰ অসমীয়া সাহিত্য বিশেষ
মনোযোগেৰে আৰু শ্ৰদ্ধাৰে অধ্যয়ন কৰি আপুনি অসমীয়া সাহিত্যৰ পদুমনিত
যি জিলিঙনি পেলালে সি সচাকৈয়ে যেন “জিলিঙনি এটি অতি পদুম
বনত, সৰগৰ ৰহন ঢালিছে।” এই পুথি বিশ্ববিদ্যালয়ৰ এম্-এ শ্ৰেণীৰ পাঠ্য
হব বুলি আশা কৰোঁ॥"
আনন্দ আগৰৱালা
“সাহিত্য-প্ৰাণ শ্ৰীযুত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচনা পঢ়ি আমাৰ মনত
ভাবৰ জোৱাৰ উঠিছে; তেওঁৰ চিন্তা-ধাৰা আৰু দৃষ্টি-ভঙ্গীয়ে আমাক আনন্দ
দিছে। বাস্তৱতে আধুনিক যুগত বিচিত্ৰ সাহিত্য সৃষ্টি কৰি শ্ৰীযুত ডিম্বেশ্বৰ
নেওগে প্ৰমাণ কৰিছে সুকুমাৰ কলা আৰু বিজ্ঞান একেটা মোহৰৰে ইফাল আৰু
সিফাল। অসমীয়া সাহিত্যৰ বিষয়ে ধাৰাবাহিক তথ্য আৰু অভিজ্ঞতা সঞ্চাৰ
কৰি জীৱনৰ নানান ঘাত-প্ৰতিঘাতৰ মাজতো গীত, পদ, মালিতা, বিবিধ
কাব্য-আলোচনা গ্ৰন্থ, আম কি বিজ্ঞানৰ পুথি লিখিও শ্ৰীযুত নেওগে অসমীয়া
ভাষাৰ সাহিত্যৰ সেৱা কৰি আহিছে। তেওঁৰ দীঘলীয়া সাহিত্য-সাধনা
আৰু গ্ৰন্থৰাজিয়ে তেওঁৰ সুনাম অসমীয়া সমাজত চিৰকাল জিলিকাই-ৰাখিব।”
আকাশ-বাণী