পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
ৰামায়ণী গীত—দুৰ্গাবৰ কায়স্থ


বিদ্যাপতি আৰু চণ্ডীদাসৰ ৰাধা-কৃষ্ণ মূলক প্ৰীতি-গীতবোৰৰ সাহিত্যিক সৌন্দৰ্য্যত অকণো ঘূণ নলগায় নিশ্চয়।

 দুৰ্গাবৰৰ ৰামায়ণ গীত প্ৰচুৰ; সেইবোৰে চাৰি পাঁচ কাণ্ড ব্যাপি আছে আৰু তাত তেওঁৰ কবিত্ব গুণ বিকশিত হৈছে। মায়া-মৃগ খেদি উলটি আহি সীতাক নাপাই ৰাম ব্যাকুল হৈ চেতন-অচেতন সকলোতে সীতাৰ বাতৰি সোধা বিৱৰণ অতি বিতোপন।—

“শশীমুখী বুলিয়া যে কান্দন্ত ৰাঘৱ।
হাহা কৈক গৈলি মোৰ ৰমনী বান্ধৱ॥ ..
চকোৱাৰ সমীপ চাপিলা হৃষিকেশ।
ধীৰে ধীৰে পোছয় বচন উপদেশ॥
আকুল কুৰঙ্গ আমি কৈয়ো এক বাৰ্তা।
যাইতে দেখিলি কি জনক-দুহিতা॥
একেশ্বৰে গৈলা কিবা অনেকে সহিতে।
পূৰুব পছিম কিবা দখিণ দিশতে॥
বা বৈশন্য কিবা অগ্নি কোণ যে নৈঋত।
কোন পথে গৈলা সীতা কহ স্বৰূপত।

 এনে বৰ্ণনাই শ্ৰীশঙ্কৰদেৱৰ ৰাস-ক্ৰীড়াৰ “উচ্চ বৃক্ষ দেখি সোধে সাদৰ’’ বুলি আৰম্ভ হোৱা অনুপম কবিতাটিলৈ মনত পেলায়। দুৰ্গাবৰৰ আত্ম-পৰিচয়- মূলক ভণিতাত—

“কমতা ঈশ্বৰ বন্দো বিশ্বসিংহ নৃপবৰ।
আটচল্লিশ মহিষী বন্দো ওঠৰ কোঞৰ॥
নীলাচল নামে গ্ৰাম সংসাৰত সাৰ।
আছয় পাৰ্বতী অসুৰৰ ক্ষয়ঙ্কাৰ।’’

“কায়স্থ শ্ৰীধৰ, তান পুত্ৰ দুৰ্গাবৰ, বিৰচিলা গীত বিতোপন।
বাহুবল্ল থিকদাৰ, গন্ধৰ্ব যে অৱতাৰ, সৰ্বক্ষণে ব্ৰহ্মাণী প্ৰসন্ন।"

বিশ্ব সিংহৰ ৰাজত্বৰ (১৫১৫-৪০ ) কবি ৰূপে দুৰ্গাবৰ শঙ্কৰদেৱৰ বৈষ্ণৱ সৌৰ- জগতৰ বাহিৰ হলেও অযোগ্য সমসাময়িক কবি নাছিল নিশ্চয়।

⸻⸺⸺