পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিধান অসমীয়া ভাষাৰ আখৰ-জোটনি অসমীয়া শব্দৰ আখব-জোঁটনি সম্পৰ্কে তলব সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয়। ১। সকলোবোৰ সংস্কৃত (তৎসম) শব্দ সংস্কৃতব মতেই লিখা হ'ব। ২। সকলো অসমীয়া শব্দৰ আখব-জোঁটনি সাধাৰণতে চন্দ্ৰকান্ত অভিধানব দ্বিতীয় সংস্কৰণৰ মতে হ'ব। (ক) সেইকাৰণে পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ আলোচনাৰ নিমিত্তে কেৱল চন্দ্ৰকান্ত অভিধান (দ্বিতীয় সংস্কৰণ, গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৬২ চন) ধন অনুমোদিত হয়। (খ) ইংৰাজী-অসমীয়া অভিধানব কাৰণে বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য্যব The Pro- nouncing Anglo-Assamese Dictionary (সপ্তম সংস্কৰণ) খন অনুমোদিত হয়। ৩। পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰদ্বাৰা প্ৰকাশিত সকলো পুথিতে যাতে আখব-জোঁটনিব মিল থাকে তালৈ বিশেষ লক্ষ্য বখা হ'ব। সেই উদ্দেশ্যে তলত দিয়া নিয়মকেইটা গৃহীত হয় :