পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9 পুথিবোৰ এই পুথিখনৰদ্বাৰা নিয়ন্ত্ৰিত হ'ব। কিন্তু সমিতিয়ে আশা আকা বিশ্বাস কৰে যে অসমীয়া ভাষাৰ ক্ষেত্ৰত সকলোৱে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰাটো যুক্তিযুক্ত বুলি ভাবিব, আৰু তাকে কবি ভাষাটোৰ অখিব- জোটনি আৰু লিপাত্তৰ সম্পৰ্কীয় সংগতি প্ৰতিষ্ঠাৰ প্ৰতি অবিহণা যোগাব। উল্লেখযোগ্য যে এই পুথিত সকলোবোৰ আসোঁৱাহ বা খেলি- মেলিৰ সমস্যা সামৰা হোৱা নাই। প্ৰথম পৰ্যায় হিচাপে পাঠ্যপুথি প্ৰস্তুতি সমবায় সমিতিৰ কাৰণে সদ্যহতে প্ৰয়োজনীয় সিদ্ধান্তসমূহ ইয়াত সন্নিবিষ্ট কৰা হৈছে। দেখা দিব পৰা অন্যান্য সমস্যাৰ ক্ষেত্ৰত সমন্বয় সমিতিক আখৰ-জোঁটনি আক লিপ্যস্তব সমিতিয়ে যাতে যথাসময়ত পৰামৰ্শ দি থাকিব পাবে, তাৰ ব্যৱস্থা ৰখা হৈছে। ডঃ ভবেন্দ্ৰনাথ শইকীয়া সচিব, পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি, গুৱাহাটী বিশ্ববিদ্যালয়। ১৫ জুলাই, ১৯৭০ চন