পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিভিন্ন ৰূপত লিখে। উদাহৰণস্বৰূপে, হাইড্ৰোজেন / হাইড্ৰ'জেন / হাইড্ৰোজেন / হাইদ্ৰ'জেন, জিওগ্ৰাফী / জিওগ্ৰাফি / জিয়'গ্ৰাফী / জিয়'গ্ৰাফি / জিঅ'গ্ৰাফী / জিঅ'গ্ৰাফি / যিওগ্ৰাফী, ইত্যাদি।

 কিন্তু এখন কিতাপত বা এটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা সকলো কিতাপত, আখৰ-জোঁটনি আৰু লিপ্যন্তৰৰ এটা নিৰ্দিষ্ট সূত্ৰৰ প্ৰয়োগ হোৱা উচিত। নালাগে আৰু নেলাগে—এই দুটা শব্দৰ ভিতৰত যদি নালাগে-টোকেই গ্ৰহণ কৰা হয়, তেনেহলে গোটেই কিতাপখনত শব্দটো সেইটো ৰূপতেই ব্যৱহৃত হোৱা উচিত, এঠাইত নালাগে, আন এঠাইত নেলাগে ব্যৱহৃত হোৱাটো যুক্তিসংগত নহয়। এই সমস্যাটোৱে পাঠ্য- পুথি প্ৰস্তুতি সমন্বয় সমিতিৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিছে, কাৰণ এই সমিতিয়ে বহুসংখ্যক লেখকক পাঠ্যপুথি ৰচনাৰ কামত নিয়োগ কৰিছে, আৰু ভালেমান বিষয়ত একেখন কিতাপৰে বিভিন্ন অধ্যায় বিভিন্ন লেখকৰদ্বাৰা যুগুত কৰাইছে। গতিকে নিৰ্দিষ্ট সূত্ৰ বা নিয়মাৱলীৰ দ্বাৰা যদি এই ৰচনাসমূহ নিয়ন্ত্ৰিত কৰা নহয়, তেনেহলে তাত আখৰ-জোঁটনি আৰু লিপ্যন্তৰ সম্পৰ্কীয় বহু আসোঁৱাহ থাকি যাব। বিশ্ববিদ্যালয় মহলাত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহৃত হোৱাৰ লগে লগে অসমীয়া ভাষাই নতুন মৰ্য্যাদা লাভ কৰিব, আৰু এই উদ্দেশ্যে প্ৰকাশিত পাঠ্যপুথি- সমূহে ভাষাৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলাব! এইফালৰপৰাও আখৰ-জোঁটনি আৰু লিপ্যন্তৰ সম্পৰ্কীয় সমস্যাৱলীক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভবা হৈছে।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে প্ৰস্তুত কৰিব খোজা পুথিসমূহক, যিমান দূৰ পৰা যায়, আখৰ-জোঁটনি আৰু লিপ্যন্তৰৰ আসোঁৱাহৰপৰা মুক্ত কৰিবলৈ আশা কৰিছে। এই উদ্দেশ্যেৰে প্ৰয়োজনীয় নিয়ম বা সূত্ৰসমূহ নিৰ্ধাৰণ কৰিবলৈ সমিতিয়ে ১৯৬৯ চনৰ মাৰ্চ মাহৰ ২৫ তাৰিখে এখন পাঁচজনীয়া মূল সমিতি, আৰু এখন এঘাৰজনীয়া পৰামৰ্শকাৰী সমিতি গঠন কৰি দিয়ে। সমিতি দুখনে যুটীয়াভাৱে গ্ৰহণ কৰা সিদ্ধান্তসমূহ এই পুথিৰ আকাৰত ছপাই উলিৱা হৈছে।

 মূলতঃ এই সূত্ৰ, নিয়ম বা সিদ্ধান্তসমূহ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ আঁচনিৰ কাৰণে যুগুত কৰা হৈছে। সমিতিৰ পাঠ্য-