পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভাৰত চৰকাৰৰ শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ পৰিকল্পনা হাতত লৈছে। এই পৰিকল্পনা কাৰ্য্যকৰী কৰাৰ কাৰণে প্ৰয়োজনীয় এটা অতি গুৰুত্বপূৰ্ণ কাম হ'ল অসমীয়া ভাষাত বিশ্ববিদ্যালয় মহলাৰ পাঠ্যপুথিসমূহ প্ৰস্তুত কৰা। এই কামৰ বাবে, কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা আৰু যুৱ-কল্যাণ মন্ত্ৰী-দপ্তৰে প্ৰৱৰ্তন কৰা এক সৰ্বভাৰতীয় আঁচনিৰ অধীনত, গুৱাহাটী বিশ্ববিদ্যালয়ে এখন পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি গঠন কৰিছে, আৰু এই সমিতিয়ে সুচিন্তিত প্ৰণালীৰে কামত আগ বাঢ়িছে।


 অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰাৰ ক্ষেত্ৰত ভালেমান সমস্যাৰ সম্মুখীন হ'বলগীয়া হয়। তাৰে এটা সমস্যা হ’ল আখৰ-জোঁটনি আক লিপ্যন্তৰ সম্পৰ্কীয়। আখৰ-জোঁটনি আৰু লিপ্যন্তৰ সম্পৰ্কীয় আসোঁৱাহসমূহ সহজে চকুত নপৰা বিধৰ হ'লেও, ভাষাৰ সৌষ্ঠৱ বিজ্ঞানসন্মত ৰূপৰ ফালৰপৰা বিচাৰ কৰিলে সিহঁতৰ গুৰুত্ব উপলব্ধি কৰিব পৰা যায়। অভিধানসমূহৰ নিয়ন্ত্ৰণত থাকিলেও অসমীয়া ভাষাত কিছুমান শব্দৰ একাধিক ৰূপ প্ৰচলিত থকাৰ কাৰণে বিদ্যাৰ্থীসকল -অসুবিধাৰ সম্মুখীন হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে, পিচ / পিছ, পাচ / পাছ, এন্ধাৰ / আন্ধাৰ, তৰকাৰী / তৰ্কাৰী, নালাগে / নেলাগে, আঠা / এঠা,— এই শব্দসমূহ যি কোনো এটা ৰূপত লিখিলেও, বৰ্তমান অৱস্থাত তাক ভুল বুলি প্ৰতীয়মান কৰা টান। বৰ্তমানে কাৰ্য্য, পৰ্ব্বত, সঙ্গীত আদি শব্দবোৰ যথাক্ৰমে কাৰ্য, পৰ্বত, সংগীত আদি ৰূপত অনেকে লিখে। লিপ্যন্তৰৰ ক্ষেত্ৰত বৰ্তমানে অসমীয়া ভাষাত সুচিন্তিত সূত্ৰ বা নিয়মাৱলী গ্ৰহণ কৰা হোৱা নাই। ফলত একেটা শব্দকে বিভিন্ন জনে