পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ লিপ্যন্তৰ পদ্ধতি এই সূত্ৰসমূহ প্ৰণয়ন কৰোঁতে মূল শব্দৰ উচ্চা- বণব লগতে অসমীয়া ভাষাৰ উচ্চাৰণৰ বৈশিষ্ট্যৰ প্ৰতিও লক্ষ্য বখা হৈছে, আৰু জটিলতা পৰিহাৰ কৰাব ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কোনো এটা বিদেশী শব্দ (ইংৰাজী আৰু প্ৰধা- নকৈ ইংৰাজীব যোগে অহা শব্দ) অসমীয়া আখবেবে লিখিবলৈ লওঁতে, শব্দটোৰ প্ৰকৃত উচ্চাৰণ জানি লোৱাৰ দায়িত্ব লেখকে নিজে ল'ব। কেৱল লিখাৰ সময়ত এই সূত্ৰসমূহ সহায়ক হ'ব। প্ৰকৃত উচ্চা- ৰণৰ কাৰণে সমিতিয়ে Advanced Learner's Dictionary, D. Jones-অৰ English Pro nouncing Dictionary আৰু Concise Ox- ford Dictionary – এই — তিনিখন সহজলভ্য অভিধান ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। উল্লেখযোগ্য যে ইয়াত উদাহৰণ হিচাপে ব্যৱহাৰ কৰা সকলো বিদেশী শব্দ অসমীয়ালৈ অনুবাদ কৰিব নোৱৰা শব্দ নহয়। যিমান দূৰ সম্ভৱ বিদেশী শব্দবোৰৰ উচ্চাৰণলৈ লক্ষ্য বাখিহে অসমীয়া বানান ঠিক কৰা উচিত হ'ব। অৰ্থাৎ সকলো ক্ষেত্ৰত spelling transliteration কৰা নহ'ব। তলত দিয়ামতে নিৰ লিপ্যন্তৰ কৰিবলৈ ঠিক কৰা হৈছে।