পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২ )


নিদিয়ে মানে ইয়াকে সিজাই খামহঁক পিচে সিহঁতে মাচৰ পেটটো ফালি এটা মুক্তা পাই গণকক দেখুৱালত সিকলে বোলে মুক্তাটো বিন্ধুৱানে চাঁ‌চোন,চিন্ধোৱা হলেসি কোনোবা মানুহৰ, তেনে নহলে ঈশ্বৰে তোমোলাকলৈ কৃপা কৰি দিচে এই কথাত চাই দেখিলে যে বিন্ধুৱা নহয়, পিচে ৰাতি পুৱালত য়িহুদী জোয়াহিৰীয়াৰ তলৈ গৈ সেই মুক্তা দেখু- ৱালত সি কলে বোলে তুমি এই মুক্তাটো কত পালা। ইএহে- জাৰ টকাৰ, ময় তিমান বেচ দিব পাৰোঁ; কিন্তু অমূকৰ তলৈ লৈ জোৱা তেও মোতকৈ ধনৱন্তুও আৰু অধিক পাৰ্গৎ। এই কথাত সেই য়িহুদী সেই মানুহৰ তলৈ গৈ মুক্ত। দেখুৱালত সি তাক চাৰি কুৰি হেজাৰ টকা বেচ দিলে, পিচে ইমান ধন পাই অতি হৰ্ষ হৈ সি টকা বোৰ ভাৰি ধৰি ঘৰৰ দুৱাৰ মুখলৈ নিয়ালে এনেতে এটা মগণিয়াৰ আহি তাত কলে বোলে ঈশ্বৰে তোমাক যি দিচে তাক মোক দিয়া; মগনিয়াৰৰ এই কথাত সি এই সমিধান দিলে বোলে কালি আমিও তোমাৰ নিচিনা আচিলোঁ; তেও এই ধনৰ আদ খিনি নিয়া, এই বুলি ধনক দুইও দুভাগ কৰি নিলত মগনিয়াই কলে বোলে ধন খনি ৰাখা ঈশ্বৰে তোমাৰ মঙ্গল কৰক, ময় ঈশ্বৰৰ দূত, তেঁও মোক তোমাক পৰীক্ষা কৰি- বলৈ পাচিচে। য়িহুদীয়ে ঈশ্বৰক ধন্যবাদ কৰি নমৰে মান. লৈকে সখে কাল যাপন কৰিলে।