পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১৬ )

আরু চেনেহ কৰিচিলা নে? তাতে সেই লৰাই উত্তৰ দিলে বোলে ময় পিতৃ জিয়াই থাকোঁতে তেনেহেন ভাবিছিলোঁ কিন্তু এতিয়া পূৰ্ব্বে যেনেকৈ অমান্য কৰিচিলোঁ সেই সকল কথা মনত পৰি অতি বিষম পাওঁ।

 চৰ্ আইজাক নিউটন্ নামে এজন বৰ পণ্ডিতৰ অতি জুৰ স্বভাৱ আচিল। তেঁও যি গৃহত শাস্ত্ৰাদি আলোচনা কৰিচিল তাৰে পৰা এক সময়ত আন এঠাইলৈ জোৱাত তেঁওৰ কাকৎ বিলাকৰ গুৰিত এটি সরু কুকুৰ আচিল সেইয়ে চাকি পেলায় তেঁও কেই বচৰ মান পুরুষাৰ্থ কৰি যি পুথি লেখিচিল তাক গোটেই পুৰিলে। নিউটন্ সাহাবে এই বিপত্তি দেখি তেঁওৰ জুৰস্বভাৱেৰে আন একোকে নুবুলি মুঠে্‌কলে বোলে ডাইয়েমণ্ড অ ডাইয়েমণ্ড তয় যি অকৰ্ম্ম কৰিলি তাক তয় ভু নাপা।

 জন হাউয়াৰ্ড সাহাবে এবছৰৰ মুৰত তেঁওৰ হিসাপ কৰি কিচুমান ৰূপ পাবলগা হলত তেঁওৰ ভাৰ্য্যাক সেইৰূপ ৰঙ্গ তামোচাত ব্যয় কৰিবলৈ কোৱাত তেঁও কলে বোলে এই ধনেৰেএ ঘৰ দুখিয়া মানুহৰ সুন্দৰ ঘৰ হব পাৰে এই কথাত সেই ৰূপেই সেই ধন ব্যয় হল।

 আৰিষ্টটল্ পণ্ডিতক যেতিয়া লোকে সুধিলে বোলে মানুহে মিচা কথাকৈ কি লাভ পায়? তেঁও তেতিয়া কলে বোলে সেই মানুহে সঁচা কথা কলেও কেৱে নপতিয়াই।

 চৰ ফিলিপ্ চিদ্‌নি যুদ্ধত গুলি খাই তেঁওৰ কৰঙনৰ হাৰ