পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অকণি বীৰাংগনা কনকলতা

মানুহৰমাজত আলোড়নৰ সৃষ্টি কৰিলে। ভাৰতবাসী জাকে জাকে দেশ ৰক্ষাৰ বাবে ওলাই আহিল।

 সেই আলোড়নৰ সুঁতি অসমলৈ বৈ আহিল। ১৯২০ চনত কলিকতাত গঠন হোৱা জাতীয় কংগ্ৰেছৰ অসমৰ তৰুণৰাম ফুকন, চন্দ্ৰভানু শৰ্মা, ফাইজুনু আলি আদি দেশভক্ত সকলে যোগ দিছিল। তেওঁলোকে মহাত্মা গান্ধীক অসমৰ মানুহখিনিক অসহযোগ আন্দোলনৰ কথাবোৰ ভালকৈ বুজাই ক’বৰ কাৰণে আহিবলৈ অনুৰোধ কৰিলে। সেই অনুৰোধ ৰক্ষা কৰি মহাত্মা গান্ধী ১৯২১ চনৰ ১৮ আগষ্টত দহদিন মানৰ কাৰণে অসমলৈ আহিল।

 অসমলৈ আহি জাতিৰপিতা মহাত্মা গান্ধীয়ে প্ৰাকৃতিক সৌন্দৰ্য্য, ব্ৰহ্মপুত্ৰৰ ৰূপ, মাৰ্জিত সাজ-পোচাকৰ তিৰোতা মানুহবোৰ, তাঁতবোৱাত পাকৈত অসমৰ শিপীনি সকলৰ কাপোৰ দেখি তবধ মানিলে। অসম বহু ঠাইত তেওঁ ভাষণ দিলে আৰু তাৰ প্ৰশংসা কৰিলে। তেওঁৰ সভাত অগণণ মানুহ গোট খালে। মানুহবোৰক তেওঁ সহজ সৰলকৈ পৰাধীন কথা, ইংৰাজ খেদা অহিংসা পথৰ কথাবোৰ বুজাই ক'লে৷

 মহাত্মা গান্ধীৰ কথাই পুৰুষ-মহিলা সকলোৰে মন প্ৰাণ দেশপ্ৰেমেৰে ভৰাই তুলিলে। ১৯২১ চনৰ ৯ ডিচেম্বৰ দিনা গুৱাহাটীত থকা দেশপ্ৰাণ তৰুণৰাম ফুকনৰ ঘৰত ৬০ গৰাকীমান মহিলা গোটখাই সভা এখনো পাতিলে। সভাখনত-মহিলাখিনি স্বেচ্ছাসেৱিকা হৈ হৈ দেশৰ কাম কৰিবলৈ শপত খালে আৰু চহী কৰিলে। তেওঁলোকে ঠিক কৰিলে তেওঁলোক অসমৰ চুকে কোনে

11