পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


 হিন্দ্‌বাদে সেই বুঢ়া পথিকৰ হাতত সম্ভ্ৰমেৰে এটি চুমা খাই ক'লে, “আপুনি দীৰ্ঘজীৱী হৈ এই অতুল সুখ-সম্পদ ভোগ কৰক, এতিয়া মোৰ এই বাঞ্ছা হৈছে।” সিন্দ্‌বাদে তাক কিছুমান বহুমূলীয়া উপহাৰ দিলে আৰু তাক খৰিভাৰী কাম এৰি দি নিতৌ তাতে খাবলৈ আহিবলৈ একেবাৰে নিমন্ত্ৰণ জনাই থ'লে।

⸻⸻