পৃষ্ঠা:Sarapahi.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইতিহাস বিহীন, কিছু অতীত কালৰ বুকুত সি নিদামগ্ন, ভবিষ্যতে যেতিয়া অতীতক বিচাৰিব, কোনে দিব অতীতৰ হেৰাই যোৱা ৰংচঙিয়া বাৰে ৰহনীয়া দিনবোৰৰ সাক্ষী। নৱ প্ৰজন্মই নকৰিবনে উপলুঙা, নিদিবনে ধিক্কাৰ, অতীত আৰু বৰ্তমানৰ সু-পুৰুষ সকলক কোনে নেজানে বুৰঞ্জী জাতিৰ মেৰুদণ্ড। ৰজা মহাৰজাৰ কাহিনীয়ে বুৰঞ্জী নহয়। বুৰঞ্জী সাহিত্য, সংস্কৃতি দেশৰ বৈদিক, বৌদ্ধিক, লোককলা, নৈ-জান, জুৰি, পশু-পখী সকলো এখন দেশৰ ইতিহাস।

 এনেবোৰ হেৰাই যাব খোজা খিনিক সযতনে বুটলি আনি, ভবিষ্যতলৈ থৈ যাবলৈ প্ৰয়াস কৰিছো। কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম কৰা অসমৰ বাৰেৰহনীয়া সম্পদবোৰ “সৰাপাহি ”ৰ মাজত বিচাৰিলে নিশ্চয় কিয়দাংশ সুৰক্ষা হব বুলি মোৰ মনৰ ধাৰণা।

 সৰাপাহিৰ বুকুত থকা অতীত বুৰঞ্জীখন উদ্ধাৰ কৰিবলৈ প্ৰয়াসহে কৰিছো মাত্ৰ। কিছু সৰাপাহি মাটিৰ লগতেই বিলিন হৈ গ'ল। কিন্তু কিছু অতীত, কিছু বৰ্ত্তমান, সকলো সম্ভব নহ'ল। তথাপি মই ভাগৰি পৰা নাই। ঘন কুৱলী ফালি এখোজ দুখোজ কৈ আগবাঢ়ি যোৱা পথিকৰ দৰে সীমাহিন আকাংক্ষা বুকুত বান্ধি সৰাপাহিবোৰ বুটলিছোঁ।

 আশা বহু পুৰণি, পঙ্কিল দৈন্যতাত পোতগৈ থকা সৰাপাহিবোৰ পোহৰলৈ আনিব পৰা নাছিলো। অকন আশা, অকন আশ্ৰয় আৰু মোৰ বন্ধুবৰ বসন্ত মহন্ত, প্ৰমোদ কলিতা, প্ৰবীন শৰ্মা আৰু বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সমুহ সদস্যৰ উৎসাহ উদ্‌গনিতে সৰাপাহিক বোকোচাত তুলি ললোঁ। সৰাপাহিৰ দুৱাৰ দলিতে সৰাপাহিক পাঠকৰ ওচৰত পৰিচয় কৰি দিবলৈ মোৰ চিৰ শ্ৰদ্ধাৰ শ্ৰীযুত কৰুনা কান্ত ভড়ালী, জ্যেষ্ঠ ভাতৃ স্বৰূপ শ্ৰীযুত যাদব সেন ডেকালৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰীনৃপেন্দ্ৰ নাথ ডেকা আৰু শ্ৰীউদয় বৰ্মনলৈ থাকিল মোৰ অকৃত্ৰিম মৰম। কিতাপখন পাণ্ডুলিপিতে চকু ফুৰাই বৰ্ণাশুদ্ধিৰ কিছু দায়িত্ব লোৱা বাবে মোৰ বোৱাৰী পল্লবীলৈ মোৰ আন্তৰিক মৰম স্নেহ যাচিছোঁ।

 ভুল-ক্ৰতি মোৰ কাম্য নহয়, ভুল হয়তো বহুতো হব পাৰে। তাৰ বাবে মই দুঃখিত। সদৌ শেষত পাঠকৰ ওচৰলৈ আগবঢ়ালো সৰাপাহিবোৰ। আশাকৰো সহৃদয় পাঠকে “সৰাপাহি ” বুটলি লব।

-শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালি)

লিখকৰ অন্য গ্ৰন্থসমূহ

১। ১৯৭৯-৮০ চনৰ ৰক্তাক্ত ইতিহাস
৩। বিল্বেশ্বৰ
৫। সৰাপাহি
৭। জ্ঞান মঞ্জুৰী প্ৰকাশৰ পথত

   

২। বিল্বেশ্বৰ দেৱালয়ৰ আদিকথা
৪। সৰাপাত
৬। মা দুৰ্গা প্ৰকাশৰ পথত
৮। নীতি কথা প্ৰকাশৰ পথত

ছপা: ফ্ৰেইণ্ডচ অফছেট প্ৰেছ, বেলশৰ বজাৰ