পুখুৰীত গা ধুই পানীত নিজৰ প্ৰতিবিম্ব চাই, সাজ-পাৰ পিন্ধি দাপোণত নিজৰ মুখ চাই ফণীৰে মূৰ ফণীয়াই নিজৰ সৌন্দৰ্য্যত নিজে আত্মহাৰা হৈ উপাস্য দেৱতা শিৱৰ সন্তুষ্টিৰ কাৰণে নানা লয়লাসেৰে নৃত্য কৰি শেষত প্ৰণাম জনাই গুচি যায়।
শ্ৰীসুৰেশ্চন্দ্ৰ গোস্বামীৰ মতে এই নৃত্যটি লাস্যপ্ৰধান। ইয়াত হস্ত মুদ্ৰাৰ অৰ্থ, গমন, বুলন, পাদভেদা, ভক্তিৰস আদিৰ প্ৰকাশ সুন্দৰ।
মহাপ্ৰস্থানৰ পথত দেৱদাসী
আগেয়ে কোৱা হৈছে যে, অসমৰ কোনোটো মন্দিৰতে বৰ্ত্তমান দেৱদাসী প্ৰথাৰ প্ৰচলন নাই। দেৰগাওঁ, বিশ্বনাথ, হাজো, ডুবি সকলোবোৰ দেৱমন্দিৰতে দেৱদাসীৰ নূপুৰৰ ধ্বনি চিৰদিনৰ বাবে মাৰ গৈছে। এতিয়াৰ পৰা ত্ৰিশ বছৰ আগলৈকে ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ত নিয়মীয়াভাৱে দেৱদাসীসকলে নাচিছিল। কিন্তু ডঃ নেওগদেৱৰ ভাষাত কবলৈ গলে, ‘তেতিয়াৰ দলৈ আৰু এজন হাকিমৰ বিচাৰ-বুদ্ধিত সেই কথা বিষম যেন হল আৰু ফলত দেৱতাৰ নৃত্য- উপভোগ বন্ধ হ'ল (সত্ৰীয়া নাচ)।’ ৰাজহুৱাভাৱে নাচ বন্ধ কৰাৰ পিচতো কিছুদিনলৈ অকল বাদ্যকে বজোৱা হৈছিল। সময়ত সিও বন্ধ হৈ যায়।
কাৰণ বিচাৰিলে দেৱদাসী সম্প্ৰদায়ৰ বা দেৱদাসী থকা দেৱালয়বোৰৰ সমকালীন বৈষ্ণৱ ধৰ্ম্মৰ সৈতে কিবা বিৰোধ উপস্থিত হৈছিল বুলি জনা নাযায়। আনকি কোনো ধৰ্ম্মাধিকাৰে তাৰ প্ৰতি উষ্ম প্ৰকাশ কৰাৰো প্ৰমাণ নাই। আনপিনে শৈৱ, শাক্ত, বৈষ্ণৱ এই তিনিও সম্প্ৰদায়ৰ মন্দিৰতে দেৱদাসী প্ৰথা থকা দেখা যায়। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ ভৰ দুপৰীয়াতে আহোম ৰজা প্ৰতাপ সিংহই (১৬০৩-৪১ খৃঃ) দেৰগাওঁ আৰু বিশ্বনাথৰ শিৱমন্দিৰ নিৰ্ম্মাণ কৰি দিয়ে। বিষ্ণুমন্দিৰ হলেও দেৱদাসী নৃত্য থকা হাজোৰ