এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
দিহা নামৰ সম্ভাৰ
পৰম দুৰ্ঘোৰ নৰকত পৰি
ভূজ্ঞয় ঘোৰ দুৰ্গতি।
ভাৰতে দুৰ্ল্লভ নৰ-দেহা পায়া
কেশৱক নুসুমৰে,
সিটো জ্ঞানশূণ্য অজ্ঞান পৰম
মূৰ্খ নাহি তাত পৰে।
ভাঙনি ঘোষাঃ-
অ' হৰি অ' অ' ৰাম নাৰায়ণ...
ৰাম হৰি অ' অ' ৰাম নাৰায়ণ... (খৰ চাপৰি)
নৰ দেহা বিনে জ্ঞান ভক্তি দুইকো
সাধিবাক নাপাৰয়,
এতেকে নাৰকী স্বৰ্গীয়ো ইহাক
সদায় বাঞ্চা কৰয়।
আত্মা অন্তৰ্যামী আনন্দ স্বৰূপ
পাৱয় মোক সাক্ষাত,
এতেকে পৰম শ্ৰেষ্ঠ নৰতনু
কহিলো মই তোমাত।
মুকুতিৰ ইটো মেলান দুৱাৰ
ভাৰতে নৰ শৰীৰ,
হেন দেহা পায়া গৃহে কৰি ৰতি
নকৰি সেৱা হৰিৰ।
বিষয় ভোগাদি কৰিবে সমৰ্থ
হোৱয় সিটোসকল,