এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
দিহা নামৰ সম্ভাৰ
কৃতাঞ্জলি ধৰি প্ৰদক্ষিণ কৰি
ঘুৰিলন্ত বাৰ সাত,
কৃষ্ণ কৃষ্ণ ৰতি দণ্ডৱতে পৰি
কৰিলন্ত প্ৰণিপাত।
ইটো পাদ পদ্ম দুনাই নেদেখিবো
কৰিবো কাহাক সেৱ,
ইজন্মক লাগি আজি এৰি যাওঁ
মোৰ প্ৰাণ ইষ্টদেৱ।
দেৱৰো দুৰ্ল্লভ দুখানি চৰণ
কত পুণ্যে পাইলো লাগ,
চিৰকাল আক সেৱিতে নাপাইলো
মিলিল মোৰ অভাগ।
আউৰ কাক দেখি ৰাখিবো জীৱন
ভৈলো অন্ধ সমুদায়,
ঐ প্ৰাণ হৰি পৰিচ্ছেদ কৰি
ক্ষণিতেক থাকো চাই॥
এহি বুলি পদ পঙ্কজক তুলি
থৱন্ত কতো মাথাত।
কতো আখি মুখে ঘসন্ত সাবতি
থাপন্ত কতো মাথাত॥