এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
দিহা নামৰ সম্ভাৰ
পৰম ঈশ্বৰ কৰো প্ৰণাম তোক।
সংসাৰ সাগৰ পাৰ কৰেযাৰ নামে,
হেন ঈশ্বৰক হেলাকৰা কোন কামে।
আল জাল এৰি তৰিবাৰ কৰা কাম,
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।
............
১৩। মূল ঘোষাঃ-
বেদে কলে ধৰ্ম্ম শ্ৰেষ্ঠ।
গীতাই দিলে শৰণ মন্ত্ৰ।
উপনিষদে দিলে জ্ঞান তত্ব,
ভাগৱতে সৎ সঙ্গ ভক্তি ৰত্ন।
অ’ গুৰু কীৰ্ত্তনে সামৰি থৈলা নাম তত্ব॥
পদঃ-
শুনা সভাসদ ভাগৱত পদ
আত নকৰিবা শংকা,
নামত ভকতি কৰি একমতি
বানৰে মাৰিলে লংকা।
অনেক ভালুক ৰাক্ষক বানৰ
লগতে পাইলা মুকুতি,
ভকতি কৰিলে নপাইবে মনুষ্যে
মুকুতি কোন যুগুতি।