এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
দিহানামৰ সম্ভাৰ
ধৰমক কৰবক গৰৰক চোৰি
ঢাকি লোগ নাম ৰাম॥
.......
৫। মুল ঘোষাঃ-
এ শঙ্কৰ গুৰু কি নামে বান্ধিলা ভেটি-
শঙ্কৰ গুৰু ৰাম নামে বান্ধিল ভেটি।
মাধৱক লগত লৈ,
ধৰ্ম প্ৰচাৰিলা,
জগতকে নামৰ মেলা পাতি-
শঙ্কৰ গুৰু ৰাম নামে বান্ধিলা ভেটি॥
পদঃ-
হৰি নাম ৰসে এ শঙ্কৰ গুৰু
বৈকুণ্ঠ প্ৰকাশে এ শঙ্কৰ গুৰু
প্ৰেম অমৃতৰ নদী শঙ্কৰ গুৰু কি নামে...
শ্ৰীমন্ত শঙ্কৰে এ শঙ্কৰ গুৰু
পাৰ ভাঙি দিলে এ শঙ্কৰ গুৰু
বহে ব্ৰহ্মাণ্ডক ভেদি শঙ্কৰ গুৰু কি নামে...
গুবিন্দৰ প্ৰেম এ শঙ্কৰ গুৰু
অমৃতৰ নদী এ শঙ্কৰ গুৰু
বহে বৈকুণ্ঠৰ পৰা শঙ্কৰ গুৰু কি নামে...
চাৰি পুৰুষাৰ্থ এ শঙ্কৰ গুৰু
তাহাৰ নিজৰ এ শঙ্কৰ গুৰু