এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
দিহা নামৰ সম্ভাৰ
পাষণ্ড মৰ্দ্দন কলিকো কালে
যাকু সম নাহি ধীৰ॥
সোহি নাৰায়ণ মায়া বিস্তাৰি
ত্ৰিজগত কৰো নিৰ্মাণ,
সনক সনাতন যোগী যাকেৰি
মহিমা কৰোহোঁ নজান॥
সকল চৰাচৰ পালন কাৰি
যো হৰি দেবকো দেবা,
চতুৰ বয়ন শিৱ সুৰপতি যাকেৰি
কৰো নিতে চৰণহি সেৱা॥
ভাঙনি ঘোষাঃ-
(খৰ চাপৰিসহ একেফাকি ঘোষা)
পদঃ-
চাৰি বেদ শিৰোমণি মাজে
যাকেৰি চৰণ বিকাশ,
সোহি দেৱকো কয়লি কলিকো
শঙ্কৰদেৱ পৰকাশ॥
ত্ৰিভুবন বন্দন দৈৱকী নন্দন
যোহৰি মাৰল কংস,
জগজন তাৰণ দেৱ নাৰায়ণ
শঙ্কৰ তাক এৰি অংশ॥