এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
দিহা নামৰ সম্ভাৰ
পদঃ-
শঙ্কৰেসে শুদ্দমত ঈশ্বৰ ভকতি তত্ব
প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি,
ইহাক নজানি মূঢ়ে জীৱীকাৰ অৰ্থে ফুৰে
আপোনাক মহত্ব বখানি।
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি
প্ৰচাৰিল কৃষ্ণৰ ভকতি,
তাঙ্ক এৰি কিকাৰণে আনক বোলয় গুৰু
কিনো লোক মহা মূঢ়মতি।
নজানে শাস্ত্ৰৰ নয় যোহি আহে তাকে কয়
ছেদিবাক নপাৰে সংশয়,
তথাপিতো গুৰু বোলাই লোকৰ মাজত ফুৰে
মান্য সতকাৰ খুজি লয়।
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ মন্ত্ৰচয়,
হে হৰি তোমাকেসে খেলাৱে কেৱা বদ
তোমাৰ মহিমা নজানয়।
ঐশ্চয্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰামুখ ভৈল সিটো জন,
যেন জীৰ্ণ পাই সিটো দুৰ্ঘোৰ সংসাৰ মহা
পঙ্কে পৰি হোৱয় মগন।
হৰি নাম ধ্বজ কৰি বেদ পথ পৰিহৰি
ফুৰে আতি পাষণ্ড সকল,