(তল দেৱালয়ত) চতুৰ্ভূজ বাসুদেৱ, চক্ৰধাৰী শিৱ, আৰু উপৰ দেৱালয়ৰ চলন্তাত বংশীধাৰী কৃষ্ণমূৰ্তি আছে।
অশ্বক্ৰান্ত পাহাৰৰ পূবফালে নদীৰ দাঁতিত বাৰখন তীৰ্থৰ নাম পোৱা যায়। এই তীৰ্থকেইখন উত্তৰৰপৰা ক্ৰমে— (১) সীতাতীৰ্থ, (২) বিজয়তীৰ্থ, (৩) মুক্তি তীৰ্থ, (৪) বৃত্ততীৰ্থ, (৫) গয়াকুণ্ড, (৬) অমৃত সৰবৰ, (৭) অশ্বক্ৰান্ত, (৮) ঋণ মোচন তীৰ্থ, (৯) ক্ষেত্ৰ ত্ৰিপঞ্চক, (১০) সিদ্ধ কুণ্ড, (১১) ব্ৰহ্ম সৰোবৰ, আৰু বিজয়তীৰ্থ, মুক্তিতীৰ্থ আৰু বৃত্ততীৰ্থ জুৰি ব্ৰহ্মপুত্ৰৰ মাজত (১২) ব্ৰহ্মযোনি নামেও তীৰ্থ আছে (যো.ত.)। অশ্বক্ৰান্তলৈ গলে এই তীৰ্থকেইখনৰ কথাই বিশেষকৈ জনা যায়, আৰু স্নান, দান, তৰ্পণ, পিণ্ডদান, অস্থি ক্ষেপণাদি ক্ৰিয়াও এই তীৰ্থ কেইখনতেই কৰা হয়। ইয়াত ব্ৰাহ্মণসকলক ভোজনাদি কৰাই দান কৰিলে আত্মাৰ মুক্তি লাভ হয় বুলি জনবিশ্বাস আছে।
গয়াকুণ্ডৰ পূবে ব্ৰহ্মপুত্ৰৰ মাজত ইন্দ্ৰাচল বা আঁৰ পৰ্বত। অশ্বক্ৰান্তৰ পূবে কৰ্মনাশাক আঁৰ কৰি থকা আঁৰ পৰ্বতেই ইন্দ্ৰশৈল (যো. ত. ২. ৩. ১০.)। “দেৱতাৰ কোপত সেই ইন্দ্ৰাচলৰ দক্ষিণফালে আদখিনি ব্ৰহ্মপুত্ৰে পূৰ্বেই খহাই নিছে। এতেকে অশ্বক্ৰান্ত তীৰ্থত স্নান কৰিলে কৰ্মনাশা পৰ্বত দেখা পায়। বৰলোকসকলে ক্ষেত্ৰ আৰু তীৰ্থৰ পূবফালে আৰণ দি কৰ্ম কৰে। ” (কা.বু, ১২০)।
আঁৰ পৰ্বতৰ পশ্চিম ভাগত উত্তৰফালৰপৰা ক্ৰমে চন্দ্ৰসৰোবৰ, মানসতীৰ্থ, সূৰ্যতীৰ্থ আৰু নাগতীৰ্থ নামেৰে আন চাৰিখন তীৰ্থ আছে।
আকৌ উত্তৰ গুৱাহাটীৰ পশ্চিমে এখন সৰু পাহাৰ আছে। ইয়াৰ নাম বায়ুকূট। বায়ুকূটক বৰ্তমান ৰাঙলীপাহাৰ বোলে। বায়ুকূটত বাস কৰিলে ধন বৃদ্ধি হয়, আৰু সেই ঠাইত বায়ুৰ অৰ্চ্চনা কৰিলে বায়ুলোক প্ৰাপ্ত হয় বুলি শাস্ত্ৰত উল্লেখ আছে (যো. ত.)।
বায়ুকূট পাহাৰৰ পূবে চন্দ্ৰকূট পাহাৰ। (উত্তৰ গুৱাহাটী চহৰৰ পানী যোগান ধৰা কাৰখানা পতা পাহাৰখন চন্দ্ৰকূট )। চন্দ্ৰকূটত মাধৱেশ্বৰ গোসাঁই থকা বুলি জনা যায়। অৱশ্যে আগৰ কোনো মন্দিৰাদিৰ চিন পোৱা নাযায়। যোগিনীতন্ত্ৰত চন্দ্ৰকুটৰ মাধৱৰ উল্লেখ আছে (২. ৩. ৫. ২. ৪. ৬.)। “উমানন্দৰ উত্তৰে শিলাসিন্দুৰীঘোপা মৌজাৰ ভিতৰত চন্দ্ৰশৈল আছে, চন্দ্ৰ মাধৱৰ স্থান। এতিয়া তেওঁ অদৃশ্য হৈ আছে, কাল পালে ওলাব। মণিকূটতকৈ এগুণ বেছি