পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খাৰ
খুদ
৬৪

ভালমতে ভাত খাম আৰু ভালমতে কাপোৰ লম অথাৎ সুখ- স্বচ্ছন্দতা উপভোগ কৰিম এই আশা লৈ জীৱনধাৰণ কৰা, to live with the hope of enjoying pleasure.

খাৰ কঢ়া জিবা—বিং, ঘৰুৱা কাপোৰ খাৰ কাঢ়িলে হে পিন্ধিব পৰা যায়। জিবাক কাপোৰেৰে তুলনা কৰা হৈছে। এতেকে,—শিষ্টালাপী জিবা, a polished tongue.

খাৰখোৱা জিবা—বিং, চহা মানুহে খাৰ বেচিকৈ খায় আৰু সিহঁতৰ ভাষা শুদ্ধ নহয়। এতেকে,—অশুদ্ধ মাত, faulty language.

খালৰ যখিনী—বিং, খাল লেতেৰা, তেনে লেতেৰা ঠাইত যখিনী হে থাকে, মানুহ নাথাকে। এতেকে,—লেতেৰী তিৰোতা, a slut.

খালে-দোঙ্গে—ক্ৰি-বিণ, যতে-ততে, anywhere and everywhere.

খায় নে কান্ধত পিন্ধে কব নোৱৰা—ক্ৰি, কোনো বস্তু খাদ্য স্বৰূপে ব্যবহৃত হয় নে কান্ধত পিন্ধিবৰ নিমিত্তে অৰ্থাৎ অলঙ্কাৰ-স্বৰূপে ব্যৱহৃত হয়, সেই বিষয় নাজানে বোলা হৈছে। এতেকে,—কোনো বিষয়ে একো নজনা, to be in dismal ignorance.

খিটিং-খাটাং লগা—ক্ৰি, কাঁহৰ কাঁহী বাটী ইটো-সিটোৱে লাগি খিটিং-খাটাং শব্দ কৰে। সেই কথাৰপৰা এই বাক্যৰ সৃষ্টি হৈছে। এতেকে,— সামান্য প্ৰকাৰৰ দন্দ-কাঁজিয়া লগা, to be engaged in petty quarrels.

খুণ্ডা মৰে নিয়া—ক্ৰি, [খুণ্ডা-মৰাই নিয়া] খুণ্ডা-মৰা ৰোগত তৎক্ষণাৎ ঘটে। (নিয়া =পৰলোকলৈ নিয়া, মাৰি নিয়া। ) এতেকে,—তৎক্ষণাৎ প্ৰাণ- নাশ হোৱা , to be killed instantaneously.

খুণ্ডাই লাখুটি—বিং, লাখুটিৰে কাঠ বাঁহ, মাটি আদিত খুণ্ডা খাই টক্‌-টকাই ফুৰে। এতেকে,—খুণ্ডা-খুণ্ডলি খাই টক্‌টকাই ফুৰা মানুহ, টাম-বন্ধীয়া কষ্টসহিষ্ণু কটিয়া-চানেকীয়া মানুহ। (লাখুটি মানুহতকৈ চুটি , এই কথাৰপৰা কটিয়া ভাব ওলাইছে, এ strong-built dwarfish fellow.

খুণ্ডি তাও কৰা—ক্ৰি, মৰিয়াই পিতল খুণ্ডি তাও অৰ্থাৎ চটা কৰে। বৰকৈ মাৰ-পিট কৰা, to assault severely.

খুদ্‌ খোৱা—ক্ৰি, [চাউলৰ খুদ্‌ খোৱা] যি মানুহৰ খেতি নাই সি লোকৰপৰা