পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আঙ্গুলীৰ
আতোল
১০

the mean exhibiting of power by an unworthy woman.

আঙ্গুলীৰ মূৰত দিন লেখা—ক্ৰি, সাধাৰণ মানুহে দিন লেখিবলৈ হলে আঙ্গুলীৰ মূৰত লেখে। কোনো কাৰ্য্য হবলৈ আৰু কেই দিন আছে, আঙ্গুলীৰ মূৰত দিনে দিনে লেখি থাকে বোলা হৈছে। এতেকে,—অধৈৰ্য্য হৈ অপেক্ষা কৰা, to wait impatiently for anything

আঙ্গুলীৰ মূৰত লেখিব পৰা—বিণ, সাধাৰণ মানুহে লেখ কৰিবলৈ হলে আঙ্গুলীৰ মূৰত লেখে। কিন্তু আঙ্গুলীৰ মূৰত অধিক সংখ্যা লেখিব পৰা নাযায়। এতেকে,—অল্প-সংখ্যক, that can be counted on one's finger's ends, a few.

আছে দান দিয়া, নাই সমিধান দিয়া—ক্ৰি, [দান আছে দান দিয়া, দান নাই সমিধান দিয়া] কোনো মানুহে বস্তু খুজিলে যদি দিব পৰা যায়, তাক সেই বস্তু দিব লাগে। যদি দিব পৰা নাযায়, তেনেহলে সমিধান দিব লাগে অৰ্থাৎ মুখেৰে সোধ-পোছ কৰিব লাগে। এতেকে,—অনুৰোধ ৰক্ষা কৰা বা ৰক্ষা কৰিব নোৱৰাৰ কাৰণ শিষ্টভাৱে বুজাই কোৱা, to comply with a request if possible or to explain poli- tely the reason for inability of compliance.

আজি কালি—ক্ৰি-বিণ, বৰ্ত্তমান কালত, now-a-days, at present.

আটাইৰে একো পাল—বিং, আটাই মানুহৰে একে বিধীয়া কষ্ট বা অসুবিধাৰ পাল, like difficulties for all by turns.

আড়িৰ মূৰ চিতলৰ গদা—বিং, আড়ি মাছৰ মূৰ আৰু চিতল মাছৰ গদা সমূলি কাঁইটীয়া বাবে খাব পৰা নাযায়। এতেকে,—কোনো বস্তু বা কাৰ্য্যৰ বেয়া অংশ, the worst part of anything.

আতোল-তোল দৈয়ন দিয়া—বিণ, বিয়াত দৰা-কন্যাক দৈয়ন দিয়া হয়। তেতিয়া দৰা-কন্যাক অতিকৈ আদৰ-সাদৰ কৰা হয়। দৈয়ন = দৈ+আনি। আতোল-তোল=আহ্‌ তোল্‌ তোল্‌। দৈ অনা জনে বিতত হৈ আন এজনক এই বুলি কোৱাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে:- “আহ্‌, তোল্‌ তোল্‌, দৈ আনি দে”, অৰ্থাৎ “আহ্‌, খৰকৈ দৈ-বাটি- টো তুলি দৈ দে, মই সানি দিওঁ”। এতেকে,—অতিকৈ আদৰ-