পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিম্বা অন্য কিবা বাসনাতেই হওক, I want to be a Director— not to direct only— পৰিচালকৰ খাতিৰত মই পৰিচালক হ’ব নোখোজোঁ”।

 — “তাৰমানে—?” বুজি নোপোৱাৰ সুৰত মই আকৌ সুধিলোঁ।

 — “সত্যজিত ৰয়, ডেভিডলিন মোৰ বাবে, ছবি পৰিচালনাৰ বাবে মোৰ মনৰ মাজৰ টিউটৰ। অধ্যয়নহে কৰিছোঁ, পৰীক্ষা দিম কোনোবা ছবিৰ পৰিচালনাৰে।”

 — “ৰক্তিম বাসনাতে তেন্তে সেই কোৰ্ছৰ প্ৰথম পৰীক্ষা?”

 — “ক’ব নোৱাৰোঁ— চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ মানুহখিনি যে আহিয়ে পোৱাহি নাই। সভা নোহোৱাকৈ আপুনি সভাপতি হৈ বহি আছে; বাজেটৰ কথা নাজানোৱেই। এইয়া মোৰ পৰিচালনাৰ প্ৰথম পৰীক্ষা বুলি কেনেকৈ ক’ম?

 সময়বোৰ চুটি হৈ আহিল। ৰঞ্জু, অবনী, ৰমণী, তজমলহঁত আহি পালে।

 —“দাদা, আমি কিছু টকা সংগ্ৰহ কৰিছোঁ। ছবিৰ মুহূৰৎ হৈ গ’লে আৰু টকা গোট খাব। কিবা এটা আৰম্ভণি দেখিলেহে মানুহৰ টকাৰ
৩৬