ৱিকিউৎস:ৱিকিউৎস কি?

ৱিকিউৎসৰ পৰা
(ৱিকিউৎস:What is Wikisource?ৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিউৎস কি??
এই পৃষ্ঠাখনে ৱিকিউৎসৰ বিষয়ে কিছু সাধাৰণ ৰূপৰেখা, যেনে ৱিকিউৎস কি, নীতি ইত্যাদিৰ বিষয়ে বিৱৰণ দিয়ে।

ৱিকিচৰ্ছ বা ৱিকিউৎস ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লেখাৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।

অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।

ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত৷ তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (Project Gutenberg নামটোৰ অনুকৰণত) আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org৷ ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্তু ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল।

ৱিকিউৎসৰ সমল[সম্পাদনা কৰক]

ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি লেখা সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লেখা কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লেখা ইয়াত থাকিব পাৰে।

ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লেখা প্ৰকাশ কৰিব নোৱাৰি।

অসমীয়া ভাষাত ৱিকিউৎস[সম্পাদনা কৰক]

অসমীয়া ভাষাত ৱিকিউৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে। প্ৰথমে ইনকিউবেটৰৰ থকা প্ৰকল্পটোৱে ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ড'মেইন লাভ কৰে। বৰ্তমান ইয়াৰ ৱেব ঠিকনা হৈছে www.as.wikisource.org