ৱিকিউৎস:বৈঠক/প্ৰথম ৱিকিউৎস কৰ্মশালা

ৱিকিউৎসৰ পৰা
কৰ্মশালাৰ প্ৰথম দিনাৰ অন্তত সমূহীয়া ছবি
কৰ্মশালাৰ প্ৰথম দিনাৰ অন্তত সমূহীয়া ছবি

CIS-A2K (Centre for Internet and Society - Access to Knowledge) সংস্থাৰ উদ্যোগত ২০১৯ চনৰ ১১ আৰু ১২ মে’ত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিউৎসৰ এক কৰ্মশালা অনুষ্ঠিত হয়। পল্টন বজাৰৰ হোটেল ৰেইন্‌ছ ইনত আয়োজিত এই আবাসিক কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ ১৪ গৰাকী লোকে অংশগ্ৰহণ কৰে। CIS-ৰ হৈ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কলকাতাৰ জয়ন্ত নাথ আৰু বেংগালুৰুৰ টিটো দত্ত।

প্ৰশিক্ষণৰ দুটা দিনত অসমীয়া ৱিকিউৎসৰ প্ৰাথমিক দিশবোৰৰ লগতে ইণ্টাৰনেট জগতত অসমীয়া কিতাপৰ সন্ধান কৰি সেই ফাইল ৱিকিউৎসত ব্যৱহাৰ কৰিব পৰাকৈ আপল’ড কৰা, OCR পদ্ধতিৰে কিতাপৰ ডিজিটেল প্ৰতিলিপিৰ পৰা পাঠ্য উদ্ধাৰ কৰি ভুলবোৰৰ সংশোধন কৰা, পঢ়ুৱৈৰ সুবিধা হোৱাকৈ কিতাপখনৰ সম্পূৰ্ণ পাঠ্য সজোৱা ইত্যাদি কথা আলোচনা আৰু হাতে-কামে কৰা হয়। কৰ্মশালাৰ অংশ হিচাপে প্ৰশিক্ষাৰ্থীসকলে তিনিখন পুৰণি অসমীয়া কিতাপ সম্পূৰ্ণৰূপে ডিজিটাইজ কৰি উলিয়ায়। তেওঁলোকে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস প্ৰকল্পক আগুৱাই লৈ যাবলৈ ভৱিষ্যত কৰ্মপন্থাৰো আলোচনা কৰে।

(কৰ্মশালাৰ ছবিসমূহ ইয়াত উপলব্ধ।)

(কৰ্মশালাখনৰ বাতৰি প্ৰতিদিন, দৈনিক অসম, এদিনৰ সংবাদ, দৈনিক জনমভূমি আৰু The Assam Tribune বাতৰি কাকতত আৰু Northeast now ৱে'ব প'ৰ্টেলত প্ৰকাশ পায়।)