কুম্পুৰ সপোন
অৱয়ব
(মা, আজি মই সপোনৰ পৰা পুনঃনিৰ্দেশিত)
- মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
- আৰু দুজনী – নাক জিলিকা চকু টেলেকা
- তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী
- এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত
- কথা পাতে টাকুট্ টাকুট্ কুট্
- এটাই ক’লে – “পুট্, পুট্, পুট্”
- ইটোৱে মা নাক জোকাৰি ক’লে – “ধুৎ ধুৎ”
- মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
- কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
- মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
- এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
- যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
- যখিনীহঁতে নেপেলালে একেলগে ভৰি।
- চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
- কোটোক কোটোক ঘোটোক কৰি
- ভূত পোৱালি জাপ মাৰি
- ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি
- মই, তই যে কৱ –
- ভূতে বোলে ল’ৰা ধৰি খায়
- পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
- গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
- ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
- ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
- ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
- মা, মোৰ হ’লে ভূতলে ভয় নাই।
- যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
- দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
- দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
- সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।
- বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
- পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
- তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
- মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
- ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
- ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
- মা, মোৰ হ’লে ভূতলে ভয় নাই।