অ’ মোৰ আপোনাৰ দেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
Bishnu Saikia (আলোচনা | বৰঙণি) সজ্জা |
MF-Warburg (আলোচনা | বৰঙণি) অ ২ টা সংশোধন: importing from www.wikisource.org |
(কোনো পাৰ্থক্য নাই)
|
০১:০২, ৪ জানুৱাৰী ২০১৩ৰ সংস্কৰণ
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।