পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
No edit summary
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
ঘিট্‌মিটিয়া আন্ধাৰ সুৰুঙাটোৰে বল্টু গৈ আছে।
ঘিট্‌মিটিয়া আন্ধাৰ সুৰুঙাটোৰে বল্টু গৈ আছে।
ক’তো একো শব্দ নাই। কিন্তু দূৰৰ পৰাই দৈত্যই চিঞৰি
ক’তো একো শব্দ নাই। কিন্তু দূৰৰ পৰাই দৈত্যই চিঞৰি
কোৱা শুনিলে— “বল্টুী! গৈ থাক, ভয় নাখাবি।” Pinky
কোৱা শুনিলে— “বল্টু! গৈ থাক, ভয় নাখাবি।” Pinky
সাহস বাঢ়িল। অলপ দূৰ গৈ সি দেখা পালে এটা ঘৰৰ
সাহস বাঢ়িল। অলপ দূৰ গৈ সি দেখা পালে এটা ঘৰৰ
মজিয়াত পোহৰ। তাৰ আৰু সাহস বাঢ়িল। ওচৰলৈ গৈ
মজিয়াত পোহৰ। তাৰ আৰু সাহস বাঢ়িল। ওচৰলৈ গৈ

১১:২২, ২৬ নৱেম্বৰ ২০২৩ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চাৰি 753 ঘিট্‌মিটিয়া আন্ধাৰ সুৰুঙাটোৰে বল্টু গৈ আছে। ক’তো একো শব্দ নাই। কিন্তু দূৰৰ পৰাই দৈত্যই চিঞৰি কোৱা শুনিলে— “বল্টু! গৈ থাক, ভয় নাখাবি।” Pinky সাহস বাঢ়িল। অলপ দূৰ গৈ সি দেখা পালে এটা ঘৰৰ মজিয়াত পোহৰ। তাৰ আৰু সাহস বাঢ়িল। ওচৰলৈ গৈ দেখা পালে যে ভিতৰত কিছুমান ল'ৰা-ছোৱালীয়ে বহি একান্ত মনে কিবা কৰি আছে। সি ভিতৰলৈ সোমাই গ'ল। দেখিলে যে সিহঁতে কিছুমান পুৰণা বহী, কিতাপ, খবৰ কাকতত আঠা লগাই ঠোঙা তৈয়াৰ কৰি আছে। কিছুমানে আকৌ দৰ্জ্জিয়ে পেলাই দিয়া টুকুৰা কাপোৰবোৰেৰে পুতলা সজাইছে; কিছুমানে এপিঠিত নিলিখা পেলনীয়া কাগজেৰে লেফাফা তৈয়াৰ কৰিছে; কিছুমানে কণীৰ চোকোৰা, বটল আদিৰেই নানা ধৰণৰ সজোৱা বস্তু তৈয়াৰ কৰিছে। সেইবোৰ কিছুপৰ ৰ’ লাগি চাই বল্টুৱে ভাবিলে— “আঃ! পেলনীয়া বস্তুৰেও ইমান সুন্দৰ বস্তু তৈয়াৰ কৰিব পাৰিনে? সি চোন সেইবোৰকে বজাৰৰ পৰা কিনি আনে। সিওতো তৈয়াৰ কৰি ল'ব পাৰে।” সি ভেবা লাগি চাই থাকিল। কিন্তু হঠাতে তাৰ তিমিৰ দৈত্যই কোৱা সোণ বুটলা কথাটো মনত পৰিল। তাৰ বুকুখন চিৰিংকৈ মাৰিলে। সি তৎক্ষণাৎ এজন ল'ৰাক সুধিলে— “এ ভাই, সোণ বুটলা 90 ল’ৰা-ছোৱালীবোৰ ক’ত?” ল’ৰাজনে উত্তৰ দিলে— “দুবৰি বনতো বাঘ থাকে সাগৰৰ পানীত লোণ, বিচাৰিলে ইয়াতে পাবা মুকোমল দেশৰ সাধু / ১৫