পৃষ্ঠা:কুলাচল বধ.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
কুলাচল-বধ।


পক্ষীয়ে বোলন্ত মুনি শুনা তাত পৰ।
এহিশুনি হাসিয়া ৰহিলা চক্ৰধৰ॥
মৰিবাৰ বেলা ইটো ৰটয় যতেক।
তাক প্ৰত্যুত্তৰ আৰ বুলিলা কতেক॥
হেনমতে তাক বধিবাৰ মন কৰি।
ধূপ ধুম্ৰ সুত পাত্ৰ ধৰি যত্ন কৰি॥
যেখনে কেশৱে তাক কৰে তুলি লৈলা।
বজ্ৰৰ অধিক বাঢ়ি তীক্ষ্ণতৰ ভৈলা॥
হেন দেখি দানবৰ শুরুতি হৰিলা।
উৰ্দ্ধ দৃষ্টি চাহিয়া মূষল প্ৰহাৰিলা॥
বিম্বাদ শবদে সিটো উৰ্দ্ধক চলিল।
কতোদূৰে থাকিয়া গরুড়ে আকলিল॥
বিদ্যুত সাঞ্চাৰ বেগে ঠোঠ মেলি ধৰি।
মুচৰি ভাঙ্গিলা তাক দুই খণ্ড কৰি॥
পৃথিবীত পড়িলেক হুয়া দুই ফাল।
দশ হাত মানে তাত মহী ভৈল খাল॥
কৃষ্ণৰ বাহন যড় বলত গহন।
তাহান কাৰ্য্যক কৈলা সিদ্ধ মুনিগণ॥
হেন দেখি দানৱৰ ক্ৰোধ গুরুতৰ।
শিলাখণ্ড তুলি লৈলা মহাভয়ঙ্কৰ॥